indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

এ.আৰ.টি.পি.এছ আইনৰ বিষয়ে সবিশেষ


নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অসমৰ বাসিন্দাসকলৰ বাবে ঘোষণা কৰা ৰাজহুৱা সেৱা বিতৰণৰ লগতে ইয়াৰ সৈতে সম্পৰ্কীয় আৰু প্ৰসংগিক বিষয়বস্তু প্ৰদানৰ লক্ষ্যেৰে ২০১২ চনত অসম লোক সেৱা অধিকাৰ আইনখন অসম চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল। ষষ্ঠ অনুসূচীৰ এলেকাসমূহৰ বাদে ৰাজ্যৰ অন্যান্য সকলো জিলাতেই অসম লোক সেৱা অধিকাৰ আইনখন কাৰ্যকৰী হৈছে। যি কি নহওক সম্প্ৰতি এই আইনখন সম্প্ৰসাৰিত হৈ  বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বি টি চি), ডিমা হাছাও স্বায়ত্ব শাসিত ক্ষেত্ৰীয় পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ সমন্বিতে ষষ্ঠ অনুসূচীৰ অধীনষ্ঠ জিলাসমূহত গ্ৰহণ কৰা হৈছে।

২০১৯ চনৰ ছেপ্তেম্বৰ মাহত সংশোধিত আইনখন, বৰ্ত্তমানে অসম লোক সেৱা অধিকাৰ (সংশোধন) আইন, ২০১৯ বুলি পৰিচিত। জনসাধাৰণৰ মাজলৈ সেৱাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই আইনখনৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। অসম লোক সেৱা অধিকাৰ আইনৰ অন্তৰ্গত কেতবোৰ মুখ্য সুবিধা -

১. অসম লোক সেৱা অধিকাৰ আইনে অধিসূচিত কৰা সেৱাসমূহ জনসাধাৰণে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লাভ কৰাৰ অধিকাৰ।
২. আবেদন পত্ৰ জমা দিয়াৰ পিছত স্বীকৃতি ৰচিদ লাভ কৰাৰ অধিকাৰ।
৩. চৰকাৰে বিজ্ঞপ্তিযোগে সূচীত কৰা সেৱাসমূহ উপলব্ধ কৰাবলৈ একোজনকৈ পদবীপ্ৰাপ্ত বিষয়া (designated public servant) দায়বদ্ধ।
৪. অধিসূচিত ৰাজহুৱা সেৱাৰ অনা-ৰচিদৰ ক্ষেত্ৰত আপীল কৰ্তৃপক্ষৰ ওচৰত আপীলৰ সুবিধা।
৫. আপীল কৰ্তৃপক্ষৰ সিদ্ধান্তৰ সৈতে যদি প্ৰাৰ্থীগৰাকী একমত বা সুখী নহয়, তেনে ক্ষেত্ৰত দ্বিতীয় আপীলৰ সুবিধা উপলব্ধ।

লোক সেৱা প্ৰদান ব্যৱস্থা অধিক মজবুত কৰিবলৈ অসম চৰকাৰে বিভিন্ন ধৰণৰ ই-শাসন পদক্ষেপ হাতত লৈছে।

পোৰ্টেলৰ বিষয়ে সবিশেষ 


নাগৰিকসকলক এ.আৰ.টি.পি.এছে অধিসূচিত কৰা সেৱাৰ বাবে অনলাইন আবেদন কৰিবলৈ অনুমতি লাভ কৰাৰ লগতে অধিনিয়ম আৰু প্ৰক্ৰিয়াৰ অধীনত নাগৰিকৰ অধিকাৰৰ সৈতে সম্পৰ্কীয় সক্ৰিয় শুভাৰম্ভণিক উদগণি জনাবলৈ, অসম লোক সেৱা অধিকাৰ পোৰ্টেলটো, প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ বিভাগৰ বিশ্ব বেংকৰ দ্বাৰা বিত্ত পোষিত অসম নাগৰিক কেন্দ্ৰীক সেৱা বিতৰণ ব্যৱস্থাৰ অধীনত প্ৰস্তুত কৰা হৈছে। ৱেব পোৰ্টেলটোৰ কেতবোৰ মুখ্য সুবিধা উল্লেখ কৰা হ’ল -

১. সেৱাৰ বাবে অনলাইন আবেদন
২. পদবীপ্ৰাপ্ত বিষয়া আৰু আবেদনকাৰীৰ বাবে এছ.এম.এছ এলাৰ্ট সুবিধা
৩. আবেদন পত্ৰ জমা দিয়াৰ পিছত স্বীকৃতি ৰচিদ লাভ কৰাৰ সুবিধা
৪. প্ৰকৃত সময় পৰ্য্যবেক্ষণ কৰিবৰ বাবে দ্যেশবোৰ্ড
৫. আবেদনৰ অৱস্থান জানিবলৈ অনলাইন নীৰিক্ষণৰ সুবিধা
৬. সঞ্চালন প্ৰক্ৰিয়া
৭. সেৱা প্ৰদানৰ ক্ষেত্ৰত লেহেমীয়া বা অ-বিতৰণৰ বাবে অনলাইন আপীলৰ সুবিধা
৮. অনলাইন অভিযোগ দাখিল
৯. এ.আৰ.টি.পি.এছ সেৱাৰ তথ্য ভাণ্ডাৰ

এই পোৰ্টেলটো ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰ (এনআইচি), অণুবিদ্য আৰু তথ্য প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰৰ দ্বাৰা ৰূপাঙ্কণ আৰু বিকাশিত কৰা হৈছে।