indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

সঘনাই সোধা প্ৰশ্ন সমূহ

অসমৰ জনসাধাৰনক এক নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত অধিসূচিত সেৱা সমূহ প্ৰদান কৰিবলৈ কৰা এখন আইন । ২০১২ চনত অসম চৰকাৰে এই আইন প্ৰণয়ণ কৰিছিল ।


কোনো এটা অধিসূচিত সেৱা এক নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত পাবলৈ এই আইন খনে সহায় কৰে । সেৱাটো উক্ত সময়ৰ ভিতৰত নাপালে নাগৰিকে আপীলৰ আশ্ৰয় লব পাৰে ।


যি কোনো নাগৰিক সেৱা কেন্দ্ৰ বা জনসেৱা কেন্দ্ৰ বা ARTPS পৰ্টেলৰ যোগেদি এজন নাগৰিকে অধিসূচিত সেৱাৰ বাবে আবেদন কৰিব পাৰে ।


নাগৰিক জনে আবেদন দাখিল কৰাৰ পিচত, পদবীপ্ৰাপ্ত বিষয়া বা তেওঁৰ কৰ্মচাৰীয়ে দিয়া প্ৰাপ্তিৰচিদ পাব ।


প্ৰাপ্তিৰচিদত এটা নম্বৰ থাকিব, লগতে, আবেদন গ্ৰহণ কৰা তাৰিখ, সেৱাটো কিমান দিনৰ ভিতৰত দিয়া হব, কিমান মাচুল লোৱা হল, এই তথ্যবোৰ থাকিব ।


ARTPS পৰ্টেলত প্ৰাপ্তিৰচিদৰ নং আৰু আবেদন দাখিল কৰা তাৰিখ দাখিল কৰি নাগৰিক এজনে তেওঁৰ আবেদনৰ খবৰ বা স্থিতি জানিব পাৰে । নাইবা PFC ত বা CSC ত গৈওঁ তথ্য পাব পাৰে ।


যি কাৰ্যালয়ত সেৱা সমূহ প্ৰদানকৰা হয়, সেই কাৰ্যালয়ৰ জাননী ফলকত দৰকাৰী তথ্য সমূহ প্ৰকাশ কৰিব লাগিব, যেনে - সেৱাটোৰ নাম, কোনে সেৱাটো প্ৰদান কৰিব (DPS), আপীল অধিকাৰীৰ নাম, দ্বিতীয় আপীল অধিকাৰীৰ নাম, মাচুলৰ পৰিমাণ,কিমান দিনৰ ভিতৰত সেৱাটো দিয়া হ'ব ইত্যাদি ।


জাননী ফলকত এই নথি সম্পৰ্কে বিশদ ভাবে জানিব পাৰিব । ৱেবচাইট যোগেদিওঁ এই বিষয়ে জানিব পাৰিব ।


আবেদন এখন নাকচ হ'লে, পদবীপ্ৰাপ্ত বিষয়াই লিখিত ভাবে নাগৰিক জনক জনাব


১) কিয় তেওঁৰ আবেদন নাকচ কৰা হ'ল

২) কাৰ ওচৰত আপীল কৰিব লাগিব আৰু

৩) কিমান দিনৰ ভিতৰত আপীল কৰিব লাগিব ।


নাথাকে ।


এজন নাগৰিকে দুটা কাৰণত আপীন কৰিব পাৰে যেনে -

১) যদি তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পাবলগীয়া সেৱাটো নাপায় নাইবা

২) তেওঁৰ আবেদন নাকচ হয় নাইবা তেওঁক কোনো খবৰ দিয়া নহয় ।


যিটো দিনত তেওঁ সেৱাটো পাব লাগিছিল নাইবা যিদিনা তেওঁৰ আবেদন নাকচ হোৱা আদেশ পায় ,সিদিনাৰ পৰা ৩০ দিনৰ ভিতৰত নাগৰিক জনে প্ৰথম আপীল কৰিব পাৰে ।

অৱশ্য, কিবা কাৰণত উক্ত ৩০ দিনৰ ভিতৰত আপীল কৰিব নোৱাৰিলে পৰৱৰ্তী ৩০ দিনৰ ভিতৰত আপীল দাখিল কৰিব পাৰে যদিহে আপীল অধিকাৰীয়ে সন্তুষ্ট হৈ গ্ৰহণ কৰে ।


আছে, এই ক্ষেত্ৰত তেওঁ RTPS Commission (আয়োগ) ৰ ওচৰত ৬০ দিনৰ ভিতৰত আপীল কৰিব পাৰে । কিবা কাৰণত ৬০ দিনৰ ভিতৰত আপীল দাখিল কৰিব নোৱাৰিলে পিচৰ ৩০ দিনৰ ভিতৰত RTPS Commission (আয়োগ) য়ে আপীল গ্ৰহণ কৰিব পাৰে ।


আছে। ৩০ দিনৰ ভিতৰত উক্ত আপীল নিষ্পত্তি কৰিব লাগিব। কিবা কাৰণত নোৱাৰিলে পিচৰ ১৫ দিনৰ ভিতৰত আপীল নিষ্পত্তি কৰিব লাগিব ।


আছে । পদবীপ্ৰাপ্ত বিষয়াই (DPS য়ে) সেৱা এটা নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপষুক্ত কাৰণ নোহোৱাকৈ নিদিলে বা দিব নোৱাৰিলে নাইবো পলমকৈ দিলে আয়োগে তেনে বিষয়াৰ ওপৰত জৰিমণা বিহিব পাৰে ।


ষিটো তাৰিখত সেৱাটো পাব লাগিছিল, সেই তাৰিখৰ পৰা দিনে ২৫০ টকাকৈ জৰিমণা ভৰাৰ নিয়ম আছে, অৱশ্য সৰ্বোচ্ছ পৰিনাণ ২৫০০০ টকা ।


আয়োগৰ আদেশৰ ৩০ দিনৰ ভিতৰত দোষী বিষয়া বা কৰ্মচাৰী গৰাকীয়ো কোষাগাৰত উক্ত জৰিমণা জমা দিব লাগিব । ষদি নিদিয়ে, তেন্তে তেওঁৰ দৰ্মহাৰ পৰা উক্ত ধনৰাশি আদায় কৰাৰ বিধান আছে ।


আপীল কৰোতে কোনো মাচুল দিব নালাগে ।


আছে । পদবীপ্ৰাপ্ত বিষয়াই (DPS য়ে) তেনেকুৱা কৰিলে নাগৰিকে আয়োগৰ ওচৰত আপীল কৰিব পাৰে । আয়োগে বিচাৰ কৰি তেনে বিষয়াৰ আপৰত জৰিমণা বা শাস্তি বিহিব পাৰে ।