আপোনাৰ সেৱাৰ বিষয়ে জানক
আবন্টিত মাটি ম্যাদী পট্টালৈ পৰিৱৰ্ত্তন
১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক ।
২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
১. যিসকল নাগৰিকক আইন অনুসৰি চৰকাৰে ভূমি আৱন্টন কৰিছে, তেওঁলোকে ম্যাদী পট্টাত, আৱন্টন প্ৰমাণ পত্ৰৰ বাবে আবেদন জনাব পাৰে।
সহায়ক নথি পত্ৰ :
- আৱন্টন প্ৰমাণ পত্ৰ
- ভূমি ৰা়জহৰ শেহতীয়া ৰচিদ
- প্ৰকৃত উত্তৰাধিকাৰী নথকাৰ ক্ষেত্ৰত, আইনী উত্তৰাধিকাৰী নথিপত্ৰ
- অনুসূচিত ভূমিৰ নিৰীক্ষণ (ট্ৰেচ) মেপ
- চিঠাৰ প্ৰতিলিপি
নির্ধাৰিত সময়সীমা: ৯০ কৰ্মদিন
মাচুল :
- ব্যৱহাৰকাৰীৰ বাবে মূল্য বিনামূলীয়া
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা
- সুবিধাৰ মাচুল - ১০ টকা