indian flag অসম চৰকাৰ
sitemap sitemap sitemap
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

জিএমচি আইন ১৯৭১ ৰ অধীনত পশু কৰ প্রদান

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. যদিহে আবেদন পত্ৰত অন্তৰ্ভূক্ত সকলোবোৰ তথ্য শুদ্ধ তেনেহ’লে, শাৰিৰীক পৰিদৰ্শনৰ বাবে তাৰিখ নিৰ্ধাৰণ হ’ব। আবেদনকাৰীয়ে পৰিদৰ্শন সম্পৰ্কে সকলো তথ্যৰ ক্ষেত্ৰত এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. পৰিদৰ্শন সফলতাৰে সম্পূৰ্ণ হ’লে, আবেদনকাৰীক পশু কৰ আৰু আবেদন মাচুল পৰিশোধ কৰিবলৈ এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  10. নথি-পত্ৰ সফলৰূপে জমা হোৱাৰ পিছত, পশু কৰ প্ৰমাণ পত্ৰ ছপা হয় আৰু আবেদনকাৰীয়ে এই পত্ৰ এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰে। এই ক্ষেত্ৰত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব।

সহায়ক নথি পত্ৰ :

    1. অধিগ্ৰহনৰ সময়ত স্বাস্থ্যকৰ গুনসম্পন্ন পৰীক্ষনৰ বাবে ওচৰ-চুবুৰীয়া পৰা এন.অ.চি [বাধ্যতামূলক নহয়]
    2. অন্য নথি [বাধ্যতামূলক নহয়]

নির্ধাৰিত সময়সীমা : ১ দিন

মাচুল :

  1. আবেদন মাচুল - ১০ টকা
  2. পশু কৰ/বছৰ - ১৫০ টকা/প্রতি প্রাণী, কুকুৰ বাদে
  3. জৰিমনা - প্ৰতি বছৰ মুঠ বাৰ্ষিক পশু কৰৰ ২০ শতাংশ
  4. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
  5. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
  6. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা