indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

খুচৰা সাৰ বিক্ৰী কেন্দ্ৰৰ বাবে আবেদন

পজ্ঞীয়ন কৰক
  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, এই পৃষ্ঠাৰ ওপৰত সৌফালে থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড  আদি আৱশ্যকীয় তথ্যৰে সৈতে পঞ্জীয়ন (ৰেজিষ্ট্ৰেশ্যন) কৰাটো আৱশ্যক।
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুইৱাৰমেন্টছ (Requirements)টেবৰ মাধ্যমেৰে “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব। তাৰপিছত পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে আবেদন পত্ৰখন উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হ’ব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই, আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. নথিপত্ৰ সফলতাৰে জমা দিয়াৰ পিছত, খুচৰা সাৰ বিক্ৰী প্ৰমাণপত্ৰ প্ৰস্তুত হ’ব আৰু লগে লগে আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হ’ব।


সহায়ক নথিপত্ৰঃ

  1. পঞ্চায়ত/নগৰ সমিতি/ পৌৰ নিগমৰ পৰা আপত্তিহীন প্ৰমাণপত্ৰ/বাণিজ্যিক অনুজ্ঞাপত্ৰ
  2. আন্তঃগাঁথনি আৰু পণ্যাগাৰৰ সুবিধা সন্দৰ্ভত সংশ্লিষ্ট কৃষি উন্নয়ন বিযয়াৰ প্ৰতিবেদন
  3. আবেদনকাৰীৰ যোগ্যতাৰ প্ৰমাণপত্ৰ ((যিকোনো এখন) : 
    • স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা সংস্থাৰ পৰা কৃষি বিযয়ত বি.এছচি ডিগ্ৰী
    • স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা সংস্থাৰ পৰা ৰয়ায়ন বিজ্ঞান বিযয়ত বি.এছচি ডিগ্ৰী
    • স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা সংস্থাৰ পৰা কৃষি বিজ্ঞান বিযয়ত ডিপ্লমা
    • ৰাষ্ট্ৰীয় কৃষি প্ৰসাৰণ ব্যৱস্থাপনা সংস্থা নাইবা ৰাষ্ট্ৰীয় উদ্ভিদ স্বাস্থ্য ব্যৱস্থাপনা সংস্থা আৰু অন্যান্য চৰকাৰী অনুমোদিত সংস্থাৰ পৰা কৃষি ইনপুত বিষয়ত নূন্যতম ৬ মহীয়া পাঠ্যক্ৰম
  4. নতুন পাছপোৰ্ট আকাৰৰ ফ’টো
  5. পৰিচয় প্ৰমাণপত্ৰ (ড্রাইভিং লাইচেঞ্চ/ভোটাৰ কাৰ্ড/পেন কাৰ্ড/আধাৰ কাৰ্ড আদি)
  6. মালিকৰ ঠিকনাৰ প্ৰমাণ ( ড্রাইভিং লাইচেঞ্চ, বিদ্যুৎৰ বিল, বেংক পাছবুকৰ প্ৰতিলিপি আদি)
  7. যিকোনো পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰমাণপত্ৰ 
  8. পাইকাৰী ব্যৱসায়ী প্ৰমাণপত্ৰৰ প্ৰতিলিপি

নিৰ্ধাৰিত সময়সীমাঃ ৩০ দিন

মাচুল:

  1. সেৱা মূল্য (পিএফচি/চিএছচি) - ৩০ টকা
  2. মুদ্ৰণ মূল্য (পিএফচি/চিএছচিত মূদ্ৰিত নথিপত্ৰৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
  3. স্কেনিং মূল্য (পিএফচি/চিএছচিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত) প্ৰতি পৃষ্ঠাত ৫ টকা
  4. ১৫০০ টকা মাচুলত ০৪০১ শষ্য প্ৰতিপালন-  ১০৫ সাৰ বিক্ৰীৰ বিৱৰণ সমূহ এনেধৰণৰঃ
    • অজৈৱিক সাৰ ১৫০০ টকা
    • সূক্ষ্ম-পুষ্টিদ্ৰব্য ১৫০০ টকা
    • জৈৱিক সাৰ আৰু জৈৱ সাৰ - ১৫০০ টকা
    • ভৌতিক/মিহি/সাৰৰ বিশেষ মিশ্ৰণ- ১৫০০ টকা