আপোনাৰ সেৱাৰ বিষয়ে জানক
সম্পত্তিৰ মূল্যায়ন
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব'ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব'ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেবটো' ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন'ত ক্লিক কৰিব লাগিব
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব
- প্ৰপত্ৰখন অন্তিমবাৰ জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণ প্ৰদান কৰিব লাগিব
- পৰিমাণ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
- উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
- ১৫ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, সম্পত্তিৰ মূল্যায়ন প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
সহায়ক নথি পত্ৰ :
আৱাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক ধাৰণৰ বাবে -
- ভূমি নথিপত্ৰ [বাধ্যতামূলক]
- নিৰ্মাণৰ অনুমতিৰ বাবে কোনো আপত্তি নথকা প্ৰমাণপত্ৰ [বাধ্যতামূলক]
- লিফ্ট, ডিজি ছেট, কেন্দ্ৰীকৰণ এচি [বাধ্যতামূলক] আদি মুখ্য সঁজুলিৰ ইনভইচ বিৱৰণ
ফ্লেটৰ বাবে -
- ফ্লেটৰ ক্ষেত্ৰত পঞ্জীভুক্ত বিক্ৰীৰ দলিল [বাধ্যতামূলক]
- বিল্ডাৰ আৰু ভূমিমালিকৰ মাজত মোক্তাৰনামা [বাধ্যতামূলক]
- ফ্লেটৰ ক্ষেত্ৰত বিল্ডাৰ বিতৰণ পত্ৰ [বাধ্যতামূলক]
চৰকাৰী ভূমিৰ বাবে -
- ভূমিক অভিজা ভূমি বা অবন ভূমি বুলি ঘোষণা কৰা এজাহাৰ (নোটাৰিযুক্ত) [বাধ্যতামূলক]
নির্ধাৰিত সময়সীমা : ১৫ দিনৰ ভিতৰত
মাচুল :
- সুবিধাৰ মাচুল - ১০ টকা