indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

জমাবন্দীৰ প্ৰমাণিত সত্য প্ৰতিলিপি

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰ পূৰণ কৰাৰ লগতে ৱেবছাইটত উল্লেখিত সকলো আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আবেদনকাৰীয়ে প্ৰযোজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব।
  6. প্ৰয়োজনীয় পৰিমাণ এবাৰ সফলতাৰে জমা হোৱাৰ পিছত, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব আৰু প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব, ফলস্বৰূপে প্ৰাৰ্থীৰ আবেদনৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ সহায় হ’ব এই। সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  7. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  8. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. যদি সকলোবোৰ প্ৰক্ৰিয়া ঠিকে থাকে, তেন্তে সংশ্লিষ্ট বিষয়াই, প্ৰপত্ৰ জমা দিয়াৰ ৫ দিনৰ ভিতৰত অধিকাৰ সংৰক্ষণ/চিঠা বা জমাবন্দীৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি সাজু হৈ উঠিব বুলি আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰে। প্ৰাৰ্থীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা এই প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰে।

    সহায়ক নথি পত্ৰ :

    1. আবেদনকাৰীয়ে মাটিৰ সম্পূৰ্ণ তথ্য যেনে পাত্তা নং, দাগ নং আরু ৰাজহ গাওঁ/চহৰ পূৰণ কৰিব লাগিব জমাবন্দীৰ আবেদনৰ বাবে
    2. আবেদনকাৰীয়ে বৰ্তমানলৈকে সকলো মাটিৰ খাজনা আদায় দিয়াৰ ৰচিদ যোগান ধৰিব লাগিব
    3. আচল নথিৰ স্কেন কপি
    4. অসম চিলিং আইন ১৯৫৬ ৰ অধীনত জাননী শপতনামা

    নির্ধাৰিত সময়সীমা : ৫ দিন (ARTPSৰ নাগৰিক ৰাজলেখ মতে)

    মাচুল :

    1. আবেদন মাছুল ২০ টকাকৈ লোৱা হব (পইচা অনলাইনত আদায় কৰা হব)