indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

মলকুণ্ড সেৱা

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰৰ অন্তিম জমাৰ দিনা, প্ৰাৰ্থীয়ে প্ৰয়োজনীয় পৰিমাণ প্ৰদান কৰিব লাগিব।
  6. প্ৰয়োজনীয় পৰিমাণ সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  7. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  8. উচ্চপদস্থ বিষয়াৰ দ্বাৰা ঠাইখিনি এবাৰ আৱন্টিত হোৱাৰ পিছত পুনৰায় সংৰক্ষিত কৰা ঠাইখনৰ লগতে মলকুণ্ডা সেৱা/চেপ্টিক টেংক পৰিচ্ছন্নতাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ দলটোৰ যোগাযোগ সম্পৰ্কে সকলো তথ্য এছ.এম.এছ আৰু মেইলৰ জৰিয়তে আবেদনকাৰীক প্ৰেৰণ কৰা হ’ব।
  9. অনুমোদিত সময়ৰ ভিতৰত যদি মলকুণ্ড সেৱা সম্পুৰ্ণ নহয় তেনেহ’লে, ভাৰপ্ৰাপ্ত বিষয়াই মলকুণ্ড সেৱা/চেপ্টিক টেংক পৰিচ্ছন্নতাৰ বাবে পুনৰ ঠাই আৱন্টন কৰিব আৰু এই সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  10. সেৱা সম্পূৰ্ণ হ’লে আবেদনকাৰীক এছ.এম.এছ আৰু মেইল প্ৰেৰণ কৰা হয়। সেৱা সমাপনৰ ক্ষেত্ৰত প্ৰাৰ্থীয়ে এছ.এম.এছ আৰু মেইলৰ উত্তৰ দিয়াটো প্ৰয়োজন।
  11. সফলতাৰে সেৱা সম্পূৰ্ণ হোৱাৰ পিছত সাধাৰণতে ২০ দিন আৰু তাৎক্ষণিকভাবে ৪ দিনৰ ভিতৰত মলকুণ্ড সেৱা/চেপ্টিক টেংক পৰিচ্ছন্নতাৰ প্ৰমাণ পত্ৰ প্ৰস্তুত হৈ উঠে। আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইলৰ জৰিয়তে এই বিষয়ে তথ্য লাভ কৰিব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব।

নির্ধাৰিত সময়সীমা : ৩০ দিন, ৭ তত্কাল দিন

মাচুল :

আবাসিক পৰিবাৰ -

    1. ২০০০ টকা ৩০০ ঘনফুট পর্যন্ত
    2. অতিৰিক্ত: ৬ টকা/ঘনফুট

বাণিজ্যিক ভবন -

    1. ৪০০০ টকা ৩০০ ঘনফুট পর্যন্ত
    2. অতিৰিক্ত: ১২ টকা/ঘনফুট

জিএমসি সীমাৰ বাহিৰত -

    1. অতিৰিক্ত ১০০০ টকা (অনুৰোধৰ ক্ষেত্ৰত)

তত্কাল -

    1. অতিৰিক্ত ২০০০ টকা - সাধাৰণ মাচ‌ুল সহ