আপোনাৰ সেৱাৰ বিষয়ে জানক
সংযুক্ত ভূমি বিক্ৰী স্থানান্তৰ
- তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক ।
- আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
সহায়ক নথি পত্ৰ :
- ভূমি ৰা়জহৰ শেহতীয়া ৰচিদ
- ক্ৰেতাৰ নাগৰিকত্ব
- ক্ৰয় কৰা ভূমি, অকৃষিগত কাৰ্য্যৰ ক্ষেত্রত ব্যবহাৰ নকৰাৰ শপতনামা
- শেহতীয়া অ-দায়বদ্ধ প্ৰমাণপত্ৰ
- ক্ৰেতা-বিক্ৰেতা নাইবা ওকালতনামা ধাৰকৰ শপতনামা
- সহ পট্টাদাৰৰ পৰা অনুজ্ঞাপত্ৰ
- ক্ৰেতা আৰু বিক্ৰেতাৰ ফ'টো পৰিচয় পত্ৰ
- ক্ৰেতা আৰু বিক্ৰেতাৰ পেন কাৰ্ড
নির্ধাৰিত সময়সীমা :
অনুজ্ঞাপত্ৰ জাৰী কৰাৰ পৰা ক্ষেত্রাধিকাৰ উপ পঞ্জীয়কৰ কাৰ্য্যালয়ত বিক্ৰী দলিল উপস্থাপন কৰাৰ মাজৰ এই সময়চোৱাক বাদ দি ৪৫ টি কৰ্মদিন।
মাচুল :
- মাচুল প্ৰদানৰ মাধ্যম, অনলাইন
- সেৱা মাচুল (পিএফচি/চিএছচিৰ জৰিয়তে) - ৩০ টকা
- প্ৰিন্ট কৰাৰ মাচুল (পিএফচি ৰ পৰা যিকোনো প্ৰিন্ট কৰাৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০/- টকা
- স্কেনিং মাচুল (যদি নথিপত্ৰবোৰ পিএফচি-ত স্কেন কৰা হয়) - প্ৰতি পৃষ্ঠাত ৫/- টকা
- সুবিধাৰ মাচুল-১০ টকা।
এলেকা | অনুজ্ঞাপত্ৰ | পঞ্জীয়ন | নামজাৰি | বাটোৱাৰা | সৰ্বমুঠ |
গ্ৰাম্যাঞ্চল | ৫০০ | ব্যৱহাৰকাৰী মূল্য বিনামূলীয়া | ২০০ | ২০০ | ৯০০ |
চহৰাঞ্চল | ১০০০ | ব্যৱহাৰকাৰী মূল্য বিনামূলীয়া | ৫০০ | ৫০০ | ২০০০ |
গুৱাহাটী পৌৰ নিগম | ২৫০০ | ব্যৱহাৰকাৰী মূল্য বিনামূলীয়া | ১০০০ | ১০০০ | ৪৫০০ |