আপোনাৰ সেৱাৰ বিষয়ে জানক
অ-পৰিবহনৰ বাবে ড্ৰাইভিং লাইচেন্স
দায়িত্বশীল বিভাগ: পৰিবহণ বিভাগ
পদ্ধতিৰ বিৱৰণ:
- RTPS পৰ্টেল (https://rtps.assam.gov.in/) বা পৰিবহণ ৱেবছাইট (https://parivahan.gov.in/)ৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আবেদন কৰিব পাৰিব।
- আবেদন প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত সমৰ্থনকাৰী নথি-পত্ৰ আপলোড কৰিব লাগিব।
- নথিপত্ৰসমূহ আপলোড কৰাৰ পিছত অনলাইন মোডৰ জৰিয়তে মাচুল পৰিশোধ কৰিব লাগিব।
- মাচুল পৰিশোধ কৰিলে, আৰ টি পি এছ পৰ্টেলত আৰ টি পি এছৰ স্বীকৃতি নম্বৰ উল্লেখ কৰি এটা স্বীকৃতি ৰচিদ সৃষ্টি হয়।
- ড্ৰাইভিং লাইচেন্স পৰীক্ষাৰ অনলাইন স্লট বুকিং কৰিব লাগিব। পৰিবহণ ৱেবছাইটত স্লট বুকিং নিৰ্বাচন উপলব্ধ।
- এবাৰ স্লট বুকিং হোৱাৰ পিছত ডি এল পৰীক্ষাৰ বাবে অস্থায়ী এপইণ্টমেণ্ট স্লিপ সৃষ্টি কৰা হয়।
- নথি-পত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত আবেদনকাৰীয়ে বাহন চলোৱাৰ যোগ্যতাৰ পৰীক্ষাত হাজিৰ হ’ব লাগিব(Rule – 15 of Central Motor Vehicle Rules, 1989 অনুসৰি)।
- ড্ৰাইভিং লাইচেন্স পৰীক্ষাৰ বাবে আবেদনকাৰীয়ে নিজৰ বাহনখন জিলা পৰিবহণ কাৰ্যালয়লৈ আনিব লাগিব আৰু ইয়াত M.V.I সকলে ড্ৰাইভিং দক্ষতা, যান-জঁটৰ নিয়ম-নীতিৰ জ্ঞান আৰু বাহনখনৰ সৈতে পৰিচিত হোৱা পৰীক্ষা কৰিব।
- যোগ্যতাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আবেদনকাৰীক ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হ’ব।
- তাৰ পিছত স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইচেন্স আবেদনকাৰীৰ ঠিকনাত স্পীড পোষ্ট ডেলিভাৰী কৰা হ’ব।
ড্ৰাইভিং লাইচেন্স প্ৰয়োগ কৰাৰ বাবে ষ্টেপ বাই ষ্টেপ পদ্ধতিৰ বিষয়ে মেনুৱেলত বিতংভাৱে উল্লেখ কৰা হৈছে।
নথিপত্ৰৰ তালিকা:
- লার্নাৰ লাইচেঞ্চ।
নিৰ্ধাৰিত সময়: ১৫ দিন (ড্ৰাইভিং পৰীক্ষাত প্ৰাৰ্থী উপস্থিত হোৱাৰ দিনৰ পৰা)
মাচুল:
- দুচকীয়া বা এল এম ভিৰ দৰে এটা শ্ৰেণীৰ বাহনৰ বাবে মুঠ ৭০০/- টকা। দুচকীয়া আৰু এল এম ভি দুয়োবিধৰ দৰে দুই শ্ৰেণীৰ বাহনৰ বাবে মুঠ ১০০০/- টকা দিব লাগিব
- সেৱা চাৰ্জ (পিএফচি/চিএছচিৰ জৰিয়তে) - ৩০ টকা।
- প্ৰিন্টিং চাৰ্জ (পিএফচি/চিএছচিৰ পৰা কোনো ধৰণৰ প্ৰিন্টিঙৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং চাৰ্জ (যদি নথিপত্ৰসমূহ পিএফচি/চিএছচিত স্কেন কৰা হয়) - প্ৰতি পৃষ্ঠাত ৫ টকা
সেৱাৰ বাবে আবেদন কৰিবলৈ লিংকসমূহ:
- RTPS পৰ্টেল (https://rtps.assam.gov.in/) বা পৰিবহণ ৱেবছাইট (https://parivahan.gov.in/)ৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আবেদন কৰিব পাৰিব।