indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

পৰিবহণৰ বাবে ড্ৰাইভিং লাইচেন্স

দায়িত্বশীল বিভাগ: পৰিবহণ বিভাগ

পদ্ধতিৰ বিৱৰণ:

  • RTPS পৰ্টেল (https://rtps.assam.gov.in/) বা পৰিবহণ ৱেবছাইট (https://parivahan.gov.in/)ৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আবেদন কৰিব পাৰিব।
  •  আবেদন প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত সমৰ্থনকাৰী নথি-পত্ৰ আপলোড কৰিব লাগিব।
  • নথিপত্ৰসমূহ আপলোড কৰাৰ পিছত অনলাইন মোডৰ জৰিয়তে মাচুল পৰিশোধ কৰিব লাগিব।
  • মাচুল পৰিশোধ কৰিলে, আৰ টি পি এছ পৰ্টেলত আৰ টি পি এছৰ স্বীকৃতি নম্বৰ উল্লেখ কৰি এটা স্বীকৃতি ৰচিদ সৃষ্টি হয়।
  • ড্ৰাইভিং লাইচেন্স পৰীক্ষাৰ অনলাইন স্লট বুকিং কৰিব লাগিব। পৰিবহণ ৱেবছাইটত স্লট বুকিং নিৰ্বাচন উপলব্ধ।
  • এবাৰ স্লট বুকিং হোৱাৰ পিছত ডি এল পৰীক্ষাৰ বাবে অস্থায়ী এপইণ্টমেণ্ট স্লিপ সৃষ্টি কৰা হয়।
  • নথি-পত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত আবেদনকাৰীয়ে বাহন চলোৱাৰ যোগ্যতাৰ পৰীক্ষাত হাজিৰ হ’ব লাগিব(Rule – 15 of Central Motor Vehicle Rules, 1989 অনুসৰি)।
  • ড্ৰাইভিং লাইচেন্স পৰীক্ষাৰ বাবে আবেদনকাৰীয়ে নিজৰ বাহনখন জিলা পৰিবহণ কাৰ্যালয়লৈ আনিব লাগিব আৰু ইয়াত M.V.I সকলে ড্ৰাইভিং দক্ষতা, যান-জঁটৰ নিয়ম-নীতিৰ জ্ঞান আৰু বাহনখনৰ সৈতে পৰিচিত হোৱা পৰীক্ষা কৰিব।
  • যোগ্যতাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আবেদনকাৰীক ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হ’ব।
  • তাৰ পিছত স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইচেন্স আবেদনকাৰীৰ ঠিকনাত স্পীড পোষ্ট ডেলিভাৰী কৰা হ’ব।

ড্ৰাইভিং লাইচেন্স প্ৰয়োগ কৰাৰ বাবে ষ্টেপ বাই ষ্টেপ পদ্ধতিৰ বিষয়ে মেনুৱেলত বিতংভাৱে উল্লেখ কৰা হৈছে।

নথিপত্ৰৰ তালিকা:
  • লার্নাৰ লাইচেঞ্চ।
নিৰ্ধাৰিত সময়: ১৫ দিন (ড্ৰাইভিং পৰীক্ষাত প্ৰাৰ্থী উপস্থিত হোৱাৰ দিনৰ পৰা)

মাচুল:
  1. দুচকীয়া বা এল এম ভিৰ দৰে এটা শ্ৰেণীৰ বাহনৰ বাবে মুঠ ৭০০/- টকা। দুচকীয়া আৰু এল এম ভি দুয়োবিধৰ দৰে দুই শ্ৰেণীৰ বাহনৰ বাবে মুঠ ১০০০/- টকা দিব লাগিব
  2. সেৱা চাৰ্জ (পিএফচি/চিএছচিৰ জৰিয়তে) - ৩০ টকা।
  3. প্ৰিন্টিং চাৰ্জ (পিএফচি/চিএছচিৰ পৰা কোনো ধৰণৰ প্ৰিন্টিঙৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
  4. স্কেনিং চাৰ্জ (যদি নথিপত্ৰসমূহ পিএফচি/চিএছচিত স্কেন কৰা হয়) - প্ৰতি পৃষ্ঠাত ৫ টকা

সেৱাৰ বাবে আবেদন কৰিবলৈ লিংকসমূহ: