indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

কুকুৰ পঞ্জীয়ণৰ প্ৰমাণপত্ৰ

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখে প্ৰাৰ্থীয়ে প্ৰয়োজনীয় পৰিমাণ প্ৰদান কৰাটো আৱশ্যক।
  6. প্ৰয়োজনীয় পৰিমাণ সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  7. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  8. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. সফলতাৰে নথি-পত্ৰ জমা দিয়াৰ দুদিনৰ ভিতৰত কুকুৰৰ পঞ্জীয়ন পত্ৰ প্ৰস্তুত হ’ব। এই বিষয়ে আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰা হয় আৰু তেওঁলোকে এই পত্ৰ এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিবও পাৰিব।

সহায়ক নথি পত্ৰ :

  1. কোনো পশুচিকিত্সকৰ দ্বাৰা প্রত্যয়িত কুকুৰৰ আপটোডেট ভ্যাকসিনেশন কার্ড [বাধ্যতামূলক]
  2. জন্তুৰ মালিকৰ পৰিচয় প্ৰমাপত্ৰ [বাধ্যতামূলক] - (ক)বৈধ পাচপোর্ট, (খ)পানকাৰ্ড, (গ)ভোটাৰ প্ৰমানপত্ৰ, (ঘ)আধাৰ কাৰ্ড
  3. মালিকৰ ঠিকনাৰ প্ৰমানপ্ত্ৰ [বাধ্যতামূলক] - (ক)বিদুৎ বিল, (খ)ভোটাৰ কাৰ্ড, (গ)চালকৰ প্ৰমানপত্ৰ, (ঘ)আধাৰ কাৰ্ড
  4. জন্তুৰ ফটো [বাধ্যতামূলক]

নির্ধাৰিত সময়সীমা : ২ দিন

মাচুল :

  1. আবেদন মাচুল - ১০ টকা
  2. পঞ্জীয়ণ মাচুল - ২০০ টকা
  3. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
  4. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
  5. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা