indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

যোগ্যতাৰ প্রমাণপত্রৰ বাবে আবেদনপত্র

পজ্ঞীয়ন কৰক
  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব'ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব'ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেবটো' ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন'ত ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন চূড়ান্তভাবে জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণৰ ধন প্ৰদান কৰিব লাগিব।
  6. ধনৰ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
  7. উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
  8. ৪৫ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, যোগ্যতাৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।

সহায়ক নথি পত্ৰ :

1. আবেদনকাৰী-পাছপোৰ্ট, বেঙ্ক পাছবুক, ভোটাৰ আইডি, পৰিশোধ ৰচিদৰ সৈতে শেহতীয়া বিদ্যুৎ বিল, আধাৰ, ড্ৰাইভিং লাইচেঞ্চৰ ঠিকনা প্ৰমাণ। [যিকোনো এটা]

2. আবেদনকাৰীৰ পৰিচয় পত্ৰ- পাছপোৰ্ট, পেন কাৰ্ড, ভোটাৰ আইডি, বেঙ্ক পাছবুক, ড্ৰাইভিং লাইচেঞ্চ। [যিকোনো এটা]

3. কৰ্মচাৰী ট্ৰেইনিং পাছ প্ৰমাণপত্ৰ আপলোড কৰক

4. পূৰ্বৱৰ্তী দক্ষতা প্ৰমাণপত্ৰ।

5. আভ্যন্তৰীণ জাহাজৰ বাবে নিম্নলিখিত মডিউলবোৰ অন্তৰ্ভুক্ত মৌলিক সুৰক্ষা পাঠ্যক্ৰম পাছ প্ৰমাণপত্ৰ আপলোড কৰক

     -প্ৰাথমিক প্ৰথম চিকিৎসা (ইএফএ)

     -জীয়াই থকাৰ কৌশলত দক্ষতা (পি.এছ.টি.)

     -ব্যক্তিগত সুৰক্ষা আৰু সামাজিক দায়বদ্ধতা (পিএছএছআৰ) আৰু

     -অগ্নি প্ৰতিৰোধ আৰু অগ্নি নিৰ্বাপক (এফপিএফএফ)

6. 3 বছৰৰ বাবে অনবৰ্ড সেৱাৰ অভিজ্ঞতা আপলোড কৰক

7. চিকিৎসা প্ৰমাণপত্ৰ আপলোড কৰক (নিৰ্ধাৰিত বিন্যাস অনুসৰি)

8. প্ৰস্তুতি পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ আপলোড কৰক

9. স্ব-স্বাক্ষৰিত ফটো আপলোড কৰক

10. আবেদনকাৰীৰ স্কেন কৰা স্বাক্ষৰ আপলোড কৰক

11. আনবোৰ (যদি থাকে)


নির্ধাৰিত সময়সীমা : ৩০ দিনৰ ভিতৰত

মাচুল :

  1. আবেদন মাচুল - সকলো গ্ৰেডৰ বাবে ১০০/- টকা
  2. প্ৰিন্ট কৰাৰ মাচুল (পিএফচি ৰ পৰা যিকোনো প্ৰিন্ট কৰাৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০/- টকা
  3. স্কেনিং মাচুল (যদি নথিপত্ৰবোৰ (পিএফচি ত স্কেন কৰা হয়) - প্ৰতি পৃষ্ঠাত ৫/- টকা