আপোনাৰ সেৱাৰ বিষয়ে জানক
চিথাৰ প্ৰমাণিত প্ৰতিলিপি জাৰী কৰা - কেএএচি
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন অন্তিমবাৰ জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণ প্ৰদান কৰিব লাগিব।
- পৰিমাণ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
- উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
- ৭ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, চিঠাৰ প্ৰমাণিত প্ৰতিলিপি-কে.এ.এ.চি প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
সহায়ক নথি পত্ৰ :
- মান্য(ষ্টেণ্ডাৰ্ড)আবেদন পত্ৰ – পৰিশিষ্ট III ত সংলগ্ন (বাধ্যতামূলক)
- ঠিকনাৰ প্ৰমাণ (বাধ্যতামূলক)
- পৰিচয়ৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)
- ভূমি পট্টাৰ প্ৰতিলিপি (বাধ্যতামূলক)
- ভূমি ৰাজহৰ ৰচিদ (কৃষকৰ ক্ষেত্ৰত এল.এমৰ দ্বাৰা সত্যাসত্য নিৰ্ণয়)
নির্ধাৰিত সময়সীমা : ৭ দিন
মাচুল :
- পৰিষদৰ ৰচিদ – ২ টকা
- ব্যৱহাৰকাৰী মূল্য – ২৫ টকা (পৰিশোধৰ মাধ্যম - নগদ)
- সুবিধাৰ মাচুল - ১০ টকা