indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

নকল পঞ্জীয়ন প্ৰমাণ পত্ৰৰ জাৰীকৰণ

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে, মুখ্য পৃষ্ঠাত থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।

  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।

  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুয়াৰমেন্ট টেবটো ব্যৱহাৰ কৰাৰ পিছত এপ্লাই বাটনত ক্লিক কৰিব লাগিব। 

  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।

  5. প্ৰ-পত্ৰখন চূড়ান্তভাৱে জমা দিয়াৰ লগে লগে আবেদনকাৰীয়ে প্ৰয়োজনীয় ধনৰাশি দিব লাগিব।

  6. পৰিমাণ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।

  7. উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।

  8. ১৫ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত নকল পঞ্জীয়ন প্ৰমাণ পত্ৰৰ জাৰীকৰণ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ডকৰিব পাৰিব।

সহায়ক নথিপত্ৰসমূহ :
  1. জেনেৰেল ডায়েৰী এণ্ট্ৰি (জিডিই) নম্বৰ আৰু তাৰিখৰ (লোকচানৰ ক্ষেত্ৰত)সৈতে আৰক্ষীৰ প্ৰতিবেদন, নাইবা

  1. মূল ক্ষতিগ্ৰস্ত/বিকৃত পঞ্জীয়ন প্ৰমাণ পত্ৰ (ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত)

  1. আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ হিচাপে -পাছপ'ৰ্ট, বেংকৰ পাছবুক, ভোটাৰ আইডি,ৰচিদসহ শেহতীয়াকৈ পৰিশোধ কৰা বিদ্যুৎৰ বিল, আধাৰ আৰু ড্ৰাইভিং লাইচেন্স। (যিকোনো এখন)

  1. আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ হিচাপে -পাছপ'ৰ্ট, বেংকৰ পাছবুক, ভোটাৰ আইডি, আধাৰ আৰু ড্ৰাইভিং লাইচেন্স। (যিকোনো এখন)

  1. হাল আৰু যাত্ৰী বীমাৰ বৈধ প্ৰতিলিপি।

  1. জৰীপৰ প্ৰতিলিপিৰ বৈধ প্ৰমাণপত্ৰ


নিৰ্ধাৰিত সময়সীমা : উপৰোক্ত সকলো নথি আপলোড কৰা তাৰিখৰ পৰা ১৫ কৰ্মদিনৰ ভিতৰত সেৱা প্ৰদান কৰা হ’ব।

মাচুলৰ বিৱৰণ:

  1. সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
  2. ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
  3. স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা

মাচুলৰ প্ৰকাৰ
মাচুলৰ পৰিমাণ(INR)
পৰিশোধৰ সময়
মাচুল প্ৰদানৰ মাধ্যম
আবেদনৰ মাচুল

আবেদন দাখিল কৰাৰ সময়ত
অনলাইন