indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

আয়ৰ প্রমান পত্রৰ বাবে আবেদন

  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, এই পৃষ্ঠাৰ ওপৰত সৌফালে থকা ৰেজিষ্টাৰ(পঞ্জীয়ন)টেবত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড  আদি আৱশ্যকীয় তথ্যৰে সৈতে পঞ্জীয়ন (ৰেজিষ্ট্ৰেশ্যন) কৰাটো আৱশ্যক।
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ লগ ইন টেবত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ এপ্লাই অনলাইন টেবটো ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুইৱাৰমেন্টছ (Requirements)টেবৰ মাধ্যমেৰে এপ্লাই বাটনত ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হব। তাৰপিছত পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে আবেদন পত্ৰখন উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই, আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. নথিপত্ৰ সফলতাৰে জমা দিয়াৰ পিছতআয়ৰ প্রমান পত্রৰ বাবে আবেদন প্ৰস্তুত ব আৰু লগে লগে আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা ডাউনলড কৰিব পাৰিব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হব।
  1. সহায়ক নথি পত্ৰ ::
    1.  ঠিকনাৰ প্ৰমাণ [Mandatory]
    2.  পৰিচয় প্ৰমাণ  [Mandatory]
    3.  ভূমি ৰাজহ ৰচিদ  [Mandatory]
    4. দৰমহাৰ ৰচিদ [Optional]
    5.  অন্য কোনো দস্তাবেজ [Optional]
    6. আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি আপলোড কৰক) [ Mandatory (incase of applying from PFC/CSC)]

    মাছুল :
    • (ব্যৱহাৰকাৰী/ স্থায়ী মাচুল -৩০ টকা)
    • (সেৱা মাচুল (পি.এফ.চি./চি.এছ.চি.কেন্দ্ৰৰ পৰা আবেদন কৰাৰ ক্ষেত্ৰত) -৩০ টকা)
    •  (ছপা খৰচ (পি.এফ.চি./চি.এছ.চি.কেন্দ্ৰৰ পৰা কোনো ধৰণৰ প্ৰিন্টিঙৰ ক্ষেত্ৰত) -প্ৰতি পৃষ্ঠাত ১০ টকা)
    • (স্কেনিং খৰচ (যদি নথিপত্ৰসমূহ পি.এফ.চি./চি.এছ.চি. কেন্দ্ৰত স্কেন কৰা হয়) -প্ৰতি পৃষ্ঠা ৫ টকা)