আপোনাৰ সেৱাৰ বিষয়ে জানক
ভূমি ৰাজহ অনুমোদনৰ প্ৰমাণ পত্ৰ জাৰীকৰণ - কে.এ.এ.চি
- আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে, মুখ্য পৃষ্ঠাত থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুয়াৰমেন্ট টেবটো ব্যৱহাৰ কৰাৰ পিছত “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
- আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
- অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- কোনো ক্ৰূটি অবিহনে প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত ৭ দিনৰ ভিতৰত প্ৰমাণ পত্ৰখন প্ৰস্তুত হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
সহায়ক নথিপত্ৰ:
- ভূমিৰ পট্টাৰ প্ৰতিলিপি (বাধ্যতামূলক)
- শেহতীয়াভাবে প্ৰদান কৰা ভূমি ৰাজহৰ ৰচিদ (কৃষকৰ ক্ষেত্ৰত এল.এমৰ দ্বাৰা নিৰীক্ষিত)
নিৰ্ধাৰিত সময়সীমা : ৭ দিন
মাচুল:
- বাৰ্ষিক আৰু ম্যাদী পাট্টা অনুসৰি নিৰ্দেশিত কৰ, (মাচুল প্ৰদানৰ মাধ্যমঃ নগদ)
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা
- সুবিধাৰ মাচুল - ১০ টকা