indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

বিবাহ পঞ্জীয়ন - পঞ্জীয়নৰ বাবে আবেদন

  1. বিবাহ পঞ্জীয়নৰ বাবে আৰটিপিএছ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব (https://rtps.assam.gov.in/) ।
  2. আবেদন পত্ৰ পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰিব লাগিব।
  3. নথিপত্ৰ আপলোড কৰাৰ পিছত অনলাইন মাধ্যমৰ দ্বাৰা মাচুল পৰিশোধ কৰিব লাগিব।
  4. মাচুল প্ৰদানৰ পিছত, আৰটিপিএছ পৰ্টেলত, আৰটিপিএছৰ স্বীকৃতি সংখ্যা উল্লেখ কৰি এখন স্বীকৃতি ৰচিদ সৃষ্টি হয়।
  5. তাৰ পিছত উপ পঞ্জীয়কৰ কাৰ্যালয়ত বিবাহ পঞ্জীয়নৰ আবেদনখন পৰীক্ষা কৰা হয়
  6. পঞ্জীয়ন আবেদনখন মঞ্জুৰ হোৱাৰ পিছত, আবেদনকাৰীয়ে আৰটিপিএছ পৰ্টেলৰ জৰিয়তে অনলাইন এপইণ্টমেণ্ট ল’ব পাৰিব বা পঞ্জীয়ন আবেদনখন অনুমোদনৰ পৰা ৩০ দিনৰ পিছত উপ- পঞ্জীয়কৰ কাৰ্যালয়লৈ যাব লাগিব
  7. সেই অনুযায়ী এখন বিবাহৰ জাননী প্ৰস্তুত কৰি সংশ্লিষ্ট উপ পঞ্জীয়ক কাৰ্যালয়ত প্ৰদৰ্শন কৰা হয় আৰু একেখন জাননী আৰ টি পি এছ পৰ্টেলতো অনলাইনভাবে উপলব্ধ।
  8. দৰা আৰু কইনাই নিৰ্দিষ্ট তাৰিখত উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ যাব লাগিব আৰু তেওঁৰ কাৰ্যালয়ত প্ৰয়োজনীয় কাৰ্য্যবিধি সম্পন্ন কৰা পিছত, দুয়োজনেই বিবাহ বিষয়াৰ সন্মুখত বিবাহ সম্পাদন কৰিব লাগিব।
  9. উপ-পঞ্জীয়কৰ কাৰ্যালয়ত বিবাহ আৰু প্ৰয়োজনীয় কাৰ্য্যবিধি সম্পূৰ্ণ হোৱাৰ পিছত, বিবাহ বিষয়াই বিবাহৰ প্ৰমাণ পত্ৰ দৰা-কইনাক অৰ্পণ কৰিব।

ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনীয় নিয়মসমূহ মেনুৱেলত বিতংভাৱে উল্লেখ কৰা হৈছে।

    সহায়ক নথি পত্ৰ :
    1. আবেদনকাৰিৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি (দৰা-কইনা) সন্নিবিষ্ট শাখাত আপলোড কৰিব লাগিব
    2. আবেদনকাৰিৰ ঠিকনাৰ প্ৰমাণ পত্ৰ (ভোটাৰ পৰিচয় পত্ৰ/প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ/পাচপোর্ট/বেংক পাচবুক/আধাৰ কাৰ্ড) দৰা-কইনা উভয়ৰে
    3. বয়সৰ প্ৰমাণ পত্ৰ(জন্মৰ প্ৰমাণ পত্ৰ/প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ)
    4. ইপ্সিত বিবাহৰ ক্ষেত্ৰত Marriage Notice Template ডাউনলোড কৰি দৰা-কইনা উভয়ৰে চহীৰ সৈতে সন্নিবিষ্ট শাখাত আপলোড কৰিব
    5. আনুষ্ঠানিক বিবাহৰ ক্ষেত্ৰত দৰা-কইনাৰ চহী সন্নিবিষ্ট শাখাত আপলোড কৰিব

    নির্ধাৰিত সময়সীমা : ইপ্সিত বিবাহৰ আবেদন পঞ্জীয়ন কৰণৰ‌ বাবে জাননী জাৰী কৰাৰ পৰা ৩০ দিনৰ পৰা ৯০‌ দিনৰ ভিতৰত

    মাচুল :

    1. জাননী মাছুল - ৫০ টকা
    2. প্ৰতিখন আবেদনৰ বাবত ২০০ টকা RTPS মাচুল