আপোনাৰ সেৱাৰ বিষয়ে জানক
নিকট আত্মীয়ৰ প্ৰমানপত্ৰৰ বাবে আবেদন
- আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
- তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
- সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
- আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
- অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা প্ৰাৰ্থীগৰাকী যদি স্বায়ত্ব শাসিত এলেকাৰ আৱাসী হয় তেন্তে, পৰৱৰ্ত্তী প্ৰক্ৰিয়া অবিহনে আবেদন জমা দিয়াৰ ১৫ দিনৰ ভিতৰত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই বিষয়ে আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰা হয়।
- প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰা প্ৰাৰ্থীগৰাকী যদি সাধাৰণ ঠাইৰ আৱাসী হয় তেন্তে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে নিৰীক্ষণ কৰা হ’ব। যদিহে এই নিৰীক্ষণ প্ৰক্ৰিয়া অসফল হয়, তেনেহ’লে শুধৰণি সন্দৰ্ভত যিকোনো প্ৰশ্ন আবেদনকাৰীক প্ৰেৰণ কৰা আৱশ্যক। এই ক্ষেত্ৰত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- যদি সকলো প্ৰক্ৰিয়া শুদ্ধ হয় তেন্তে, ১৫ দিনৰ ভিতৰত প্ৰমাণ পত্ৰৰ কাম সম্পন্ন হৈ উঠিব বুলি প্ৰাৰ্থীগৰাকীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা নিকট আত্মীয়ৰ প্ৰমাণ পত্ৰ ডাউনল’ড কৰাটো আৱশ্যক।
- মৃতব্যক্তিৰ মৃত্যুৰ প্ৰমানপত্ৰ [বাধ্যতামূলক]
- মৃতকৰ লগত সম্পৰ্কৰ পৰিচায়ক নথি (e.g. ভোটাৰ কাৰ্ড, পানকাৰ্ড, জন্মৰ প্ৰমানপত্ৰ, বিবাহৰ প্ৰমানপত্ৰ ইত্যাদি।) [বাধ্যতামূলক]
- শপতনামা [বাধ্যতামূলক]
- অন্য [বাধ্যতামূলক নহয়]
সহায়ক নথি পত্ৰ :
- বিধিবদ্ধ মাচুল: শূন্য
- সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
- ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা
নির্ধাৰিত সময়সীমা : ১৫ দিনৰ ভিতৰত
মাচুল :