indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

বোজ মুক্ত প্ৰমাণপত্ৰ

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আবেদনকাৰীয়ে প্ৰযোজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব।
  6. প্ৰয়োজনীয় পৰিমাণ এবাৰ সফলতাৰে জমা হোৱাৰ পিছত, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব আৰু প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব, ফলস্বৰূপে প্ৰাৰ্থীৰ আবেদনৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ সহায় হ’ব এই। সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. যদি সকলো প্ৰক্ৰিয়া শুদ্ধ হয় তেন্তে, আবেদনৰ অনুমোদনৰ ক্ষেত্রত প্রার্থীয়ে মেইল অৰু এছ.এম.এছ লাভ কৰিব আৰু দায়মুক্ত প্রমাণ পত্র প্রস্তুত হ’ব। এই প্রমাণ পত্রখন আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব।

    সহায়ক নথি পত্ৰ :

    1. আবেদনকাৰিৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি সন্নিবিষ্ট শাখাত আপলোড কৰিব লাগিব
    2. স্থাৱৰ সম্পত্তিৰ মাটিৰ তথ্যৰ প্ৰতিলিপি (জমা বন্দী/খাজনা ৰচিদ/ দলিল আদি)

    নির্ধাৰিত সময়সীমা : ১৫ দিন (সাধাৰণতে) অথবা ৩ দিন (তত্কালীন)

    মাচুল :

    1. প্ৰথম বছৰৰ বাবে ৫ টকা আৰু পৰৱৰ্তী বছৰসমূহযৰ বাবে ৩ টকাকৈ(জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই মাছুল দুগুণ হব)
    2. প্ৰতিখন আবেদনৰ বাবত ২০ টকা RTPS মাচুল