আপোনাৰ সেৱাৰ বিষয়ে জানক
গ্ৰাম্যাঞ্চলৰ বাবে জমাবন্দী নকল (এনচিএইসএচি)
- আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
- তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
- সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
- আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
- অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- আবেদন পত্ৰত অন্তৰ্ভূক্ত সকলোবোৰ তথ্য যদি শুদ্ধ হয় তেন্তে, প্ৰাৰ্থীৰ শাৰিৰীক পৰিদৰ্শনৰ বাবে তাৰিখ নিৰ্ধাৰণ হ’ব। আবেদনকাৰীয়ে পৰিদৰ্শন সম্পৰ্কে সকলো তথ্যৰ এছ.এম.এছ আৰু মেইলৰ দ্বাৰা লাভ কৰিব।
- যদি পৰিদৰ্শন সফলতাৰে সমাপ্ত হয়, তেন্তে, আবেদন প্ৰক্ৰিয়া চালুকীয়া হ’ব আৰু যদি পৰিদৰ্শন কাৰ্য অসফল হয় তেনে’হলে পুনৰ নিৰীক্ষণৰ বাবে আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- যদি সকলোবোৰ প্ৰক্ৰিয়া ঠিকে থাকে, তেন্তে প্ৰপত্ৰ জমা দিয়াৰ ৭ দিনৰ পৰা ১০ দিনৰ ভিতৰত প্ৰমাণ পত্ৰ সাজু হ’ব বুলি আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব লগতে প্ৰাৰ্থীয়ে এন.চি.এইচ.এ.চিৰ কাৰ্যালয়ত আৱশ্যকীয় পৰিমাণ জমা দিব লাগিব। পৰিশোধ প্ৰক্ৰিয়া অফলাইন অৰ্থাৎ নগদভাবে হ’ব।
- প্ৰাৰ্থীয়ে এন.চি.এইচ.এ.চিৰ কাৰ্যালয়ত আৱশ্যকীয় পৰিমাণ জমা দিব লাগিব। পৰিশোধ প্ৰক্ৰিয়া অফলাইন অৰ্থাৎ নগদভাবে হ’ব।
- আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা জমাবন্দী প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব লাগিব।
- ভূমিৰ নথি (পর্যায়ক্রমিক পট্টা) (বাধ্যতামূলক)
- বর্তমান সময় পর্যন্ত খাজনা ৰচিদ
- আইনী উত্তৰাধিকাৰীৰ প্রমাণ, যদি আবেদনকাৰীয়ে নিজকে নির্দিষ্ট ভুমিৰ আইনী উত্তৰাধিকাৰী হিচাপে দাবী কৰে (বাধ্যতামূলক)
- মোক্তাৰনামা, যদি আবেদনকাৰীয়ে নিজকে নির্দিষ্ট ভুমিৰ অ্যাটর্নি ধাৰক হিচাপে দাবী কৰে (বাধ্যতামূলক)
সহায়ক নথি পত্ৰ :
- আবেদন মাচুল ১০০ টকা
- পৰিষদ আদালত মাচুল ১০ টকা
- ছপা খৰচ, প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং খৰচ, প্ৰতি পৃষ্ঠা ১০ টকা
- সুবিধাৰ মাচুল - ১০ টকা
নির্ধাৰিত সময়সীমা : ০৭ - ১০ দিন
মাচুল :