indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

অ-পৰিবহণৰ বাবে লাৰ্ণাৰ লাইচেঞ্চ

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. তাৰ পিছত আৱেদনকাৰীক পৰিবহন Website vahan.nic.in লৈ স্থানান্তৰ কৰা হয় য'ত তেওঁলোকে সেই সেৱাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থন কাৰী নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন সফলতাৰে দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে পৰিবহন Website ৰ পৰা এটা স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰিব।
  6. স্বীকৃতি নম্বৰৰ সহায়ত এজন আবেদনকাৰীয়ে এআৰটিপিএছ পোৰ্টেলত আবেদনটোৰ স্থিতি চাব আৰু অনুসৰণ কৰিব পাৰে।
সমৰ্থনকাৰী নথিপত্ৰ :

সম্পূর্ণ ঠিকনাৰ প্রমাণ স্বৰূপে তলত উল্লেখিত যিকোনো নথিপত্র --:

  1. নিৰ্বাচনী তালিকা
  2. জীৱন বীমা প'লিচি
  3. পাৰপত্ৰ
  4. কেন্দ্রীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থা, যিকোনো কার্যালয়ৰ দ্বাৰা জাৰি কৰা ধন আদায়ৰ ৰচিদ
  5. বিদ্যালয়ৰ প্রমান পত্র
  6. জন্মৰ প্রমান পত্র
  7. ৰেচন কাৰ্ড
  8. নিয়োগ-বিনিময় কেন্দ্ৰৰ কাৰ্ড
  9. ৰাজপত্রিত বিষয়াৰ পৰা প্রমাণ পত্র
  10. বিদেশীৰ ক্ষেত্রত আৱাসিক প্রমাণৰ  লগতে আইনগতভাবে ভাৰতত বসবাস কৰাৰ প্রমাণ
  11. উপযুক্ত কাৰণৰ প্রতি লক্ষ্য ৰাখি আবেদনকাৰীয়ে যদি, ওপৰত উল্লেখ কৰা নথিপত্র সমূহ  যুগুতাব  পৰা নাই তেন্তে, কার্যবাহী দণ্ডাধীশ বা প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশ বা লেখ প্রমাণকৰ সমুখত কৰ্তৃপক্ষই শপতপত্র গ্ৰহণ কৰিব পাৰে
বয়সৰ প্রমাণ স্বৰূপে তলত উল্লেখিত যিকোনো নথিপত্র --:

  1. নিৰ্বাচনী তালিকা
  2. জীৱন বীমা প'লিচি
  3. পাৰপত্ৰ
  4. কেন্দ্রীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থা, যিকোনো কার্যালয়ৰ দ্বাৰা জাৰি কৰা ধন আদায়ৰ ৰচিদ
  5. বিদ্যালয়ৰ প্রমান পত্র
  6. জন্মৰ প্রমান পত্র
  7. উপযুক্ত কাৰণৰ প্রতি লক্ষ্য ৰাখি আবেদনকাৰীয়ে যদি, ওপৰত উল্লেখ কৰা নথিপত্র সমূহ  যুগুতাব  পৰা নাই তেন্তে, কার্যবাহী দণ্ডাধীশ বা প্রথম শ্রেণীৰ ন্যায়িক দণ্ডাধীশ বা লেখ প্রমাণকৰ সমুখত কৰ্তৃপক্ষই শপতপত্র গ্ৰহণ কৰিব পাৰে
শেহতীয়া তিনিখন পাছপোর্ট আকাৰৰ ফ'টোক'পি

নিৰ্ধাৰিত সময়সীমা: ১৫ দিন

মাচুল :

  1. জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ নগদ প্রদান শাখাত (কেচ কাউন্টাৰ), প্রত্যেক শ্রেণীৰ বাহনৰ বাবে নগদ ৩০ টকা মাচুল
  2. লার্ণাৰ লাইচেঞ্চৰ প্রিন্ট আউটৰ (মুদ্রণ) বাবে এমট্রনৰ নগদ প্রদান শাখাত, ব্যৱহাৰকাৰী মূল্য হিচাপে নগদ ৩০ টকা মাচুল প্রদান কৰা আৱশ্যক
  3. সেৱাৰ মূল্য (পিএইচি/চিএছচিৰ মাধ্যমেৰে) - ৩০ টকা
  4. ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
  5. স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা