indian flag অসম চৰকাৰ
sitemap sitemap sitemap
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

ঠিকাদাৰী শ্ৰম (আৰ এণ্ড এ) আইন, ১৯৭০ চনৰ ধাৰা ১২ আৰু অসম বিধিৰ নিয়ম ২১ (১)ৰ অধীনত চতুৰ্থ প্ৰপত্ৰত এজন ঠিকাদাৰ(সকল)ৰ অনুজ্ঞাপত্ৰ

পজ্ঞীয়ন কৰক
  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, এই পৃষ্ঠাৰ ওপৰত সৌফালে   থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড  আদি আৱশ্যকীয় তথ্যৰে সৈতে পঞ্জীয়ন (ৰেজিষ্ট্ৰেশ্যন) কৰাটো আৱশ্যক।
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব  আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুইৱাৰমেন্টছ (Requirements)টেবৰ মাধ্যমেৰে “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰ-পত্ৰখন চূড়ান্তভাৱে জমা দিয়াৰ লগে লগে আবেদনকাৰীয়ে প্ৰয়োজনীয় ধনৰাশি প্ৰদান কৰিব লাগিব
  6. পৰিমাণ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে,  পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
  7. উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে উক্ত এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
  8. সেৱা সফলভাৱে সম্পূৰ্ণ কৰাৰ পিছত ঠিকাদাৰী শ্ৰম (আৰ এণ্ড এ)  আইন, ১৯৭০ৰ ধাৰা ১২ আৰু অসম বিধিৰ নিয়ম ২১ (১)ৰ অধীনত চতুৰ্থ প্ৰপত্ৰত ঠিকাদাৰ(সকল)ৰ অনুজ্ঞাপত্ৰ সৃষ্টি কৰা হয়। আবেদনকাৰীক এই বিষয়ে এছএমএছ আৰু ইমেইলযোগে অৱগত কৰা হ’ব আৰু আবেদনকাৰীয়ে এআৰটিপিএছ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব।

সহায়ক নথিপত্ৰসমূহ :

  1. স্থানীয় কৰ্তৃপক্ষই প্ৰদান কৰা ট্ৰেড লাইচেন্সৰ (ব্যৱসায়িক অনুজ্ঞাপত্ৰ) প্ৰতিলিপি
  2. অংশীদাৰিত্ব ফাৰ্ম/ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত পঞ্জীয়নভুক্ত অংশীদাৰিত্ব দলিলৰ এখন প্ৰতিলিপি।
  3. ঠিকনাৰ প্ৰতিলিপি
  4. জন্ম প্ৰমাণপত্ৰৰ প্ৰতিলিপি।
  5.  মুখ্য নিয়োগকৰ্তাৰ দ্বাৰা প্ৰমাণপত্ৰৰ প্ৰ-পত্ৰ
  6. আৰক্ষী বিভাগৰ পৰা অনুজ্ঞাপত্ৰ / আৰক্ষী প্ৰতিবেদন
  7. মুখ্য নিয়োগকৰ্তা আৰু ঠিকাদাৰৰ মাজত হোৱা চুক্তিৰ প্ৰতিলিপি।

নিৰ্ধাৰিত সময়সীমাঃ আবেদন লাভ কৰাৰ দিনৰ পৰা ১৫ দিনৰ ভিতৰত, যদিহে প্ৰতিটো দিশতে আবেদন পত্ৰখন শুদ্ধ বুলি নিৰ্ধাৰিত হয় তেন্তে পঞ্জীয়নৰ প্ৰমাণ পত্ৰ জাৰী কৰিব লাগিব।

প্ৰয়োজনীয় মাচুল:

  1. ব্যৱহাৰকাৰীৰ মূল্য: বিনামূলীয়া
  2. সেৱা মূল্য (পিএফচি/চিএছচিৰ জৰিয়তে) – ৩০ টকা
  3. প্ৰিন্টিং মূল্য (পিএফচি/চিএছচিৰ পৰা যিকোনো প্ৰিন্টিংৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
  4. স্কেনিং মূল্য (পিএফচি/চিএছচিত স্কেন কৰা নথিপত্ৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ৫ টকা।