আপোনাৰ সেৱাৰ বিষয়ে জানক
পট্টাদাৰৰ মোবাইল নম্বৰৰ অদ্যৱধিকৰণ
১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক।
২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
১) এজন পাট্টাদাৰ বা তেওঁৰ বৈধ উত্তৰাধিকাৰী বা মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি
২) চৰকাৰী ভূমি আৱন্টন কৰা কোনো ব্যক্তি/প্ৰতিষ্ঠান
সহায়ক নথিপত্ৰ:
- প্ৰস্তাবিত ভূমিৰ জমাবন্দীৰ প্ৰতিলিপি
- আবেদনকাৰীৰ পৰিচয় পত্ৰ
নিৰ্ধাৰিত সময়সীমা : সাত দিন (কৰ্মদিন)
মাচুল:
- ব্যৱহাৰকাৰীৰ বাবে মূল্য বিনামূলীয়া
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা
- সুবিধাৰ মাচুল - ১০ টকা