আপোনাৰ সেৱাৰ বিষয়ে জানক
দলিল পঞ্জীয়নৰ দ্বাৰা নামজাৰি (কেৱল গ্ৰাম্য অঞ্চলৰ বাবে)
- তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
- আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
- এজন পাট্টাদাৰ বা তেওঁৰ বৈধ উত্তৰাধিকাৰী বা মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি
- চৰকাৰী ভূমি আৱন্টন কৰা কোনো ব্যক্তি/প্ৰতিষ্ঠান
সহায়ক নথি পত্ৰ :
1. ক্ৰয়, উপহাৰ, বন্ধকীৰ দ্বাৰা মাটি হস্তান্তৰৰ ভিত্তিত নামজাৰি বিচৰাৰ ক্ষেত্ৰত :
a. প্ৰকত পঞ্জীকৃত দলিল বা দলিল হস্তান্তৰৰ প্ৰমাণিত প্ৰতিলিপি
b. ভূমি ৰা়জহৰ শেহতীয়া ৰচিদ
c. এই ঘোষণাৰ দ্বাৰা, অসম ভূমি ধৰণ আইন, ১৯৫৬ ৰ ওপৰত চিলিং নিৰ্ধাৰণৰ অধীনত সীমাতকৈ অধিক মাটি আবেদনকাৰীৰ হাতত নাই বুলি কোৱা হৈছে
নির্ধাৰিত সময়সীমা :
- গ্ৰাম্যাঞ্চলত ক্ষেত্ৰ বিভাজনঃ পোন্ধৰ (১৫) কৰ্মদিন
- চহৰাঞ্চলত কাৰ্যালয় বিভাজন: ষাঠী (৬০) কৰ্মদিন
মাচুল :
- ক্ষেত্ৰ নামজাৰি - বিনামূলীয়া
- কাৰ্য্যালয় নামজাৰি - চহৰাঞ্চলত ২০০ টকা
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা