আপোনাৰ সেৱাৰ বিষয়ে জানক
পৈত্ৰিক সম্পত্তিৰ দ্বাৰা নামজাৰি
- তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
- আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
- এজন পাট্টাদাৰ বা তেওঁৰ বৈধ উত্তৰাধিকাৰী বা মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি
- চৰকাৰী ভূমি আৱন্টন কৰা কোনো ব্যক্তি/প্ৰতিষ্ঠান
সহায়ক নথি পত্ৰ :
1. উত্তৰাধিকাৰীৰ দ্বাৰা নামজাৰি কৰিব বিচৰাৰ ক্ষেত্ৰত :
a. মৃত পাট্টাদাৰৰ মৃত্যুৰ প্ৰমাণ।
b. অঙ্গীকাৰৰ সৈতে এখন শপতপত্ৰ য'ত উল্লেখ থাকিব :
i) আবেদনকাৰী হ’ল মৃত পাট্টাদাৰৰ পুত্ৰ/কন্যা/পত্নী/আইনী উত্তৰাধিকাৰী।
ii) আবেদনকাৰীয়ে পূৰ্বে কোনো ব্যক্তিকেই সম্পত্তি হস্তান্তৰ কৰা নাই নাইবা বন্ধকী দিয়া নাই বা নামজাৰি কৰিবলগীয়া সম্পত্তিৰ ওপৰত কোনো ধৰণৰ মূল্য আৰোপ কৰিব নালাগিব
iii) আবেদনকাৰীয়ে উত্তৰাধিকাৰী হিচাপে আবেদন কৰা ব্যক্তিজনে জীৱনকালত সম্পত্তি হস্তান্তৰ কৰা নাছিল
c. ভূমি হস্তান্তৰৰ ক্ষেত্ৰত উপায়ুক্তৰ পৰা পোৱা অনুজ্ঞাপত্ৰ (উত্তৰাধিকাৰৰ দ্বাৰা নামজাৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়)
নির্ধাৰিত সময়সীমা :
- গ্ৰাম্যাঞ্চলত ক্ষেত্ৰ বিভাজনঃ পোন্ধৰ (১৫) কৰ্মদিন
- চহৰাঞ্চলত কাৰ্যালয় বিভাজন: নব্বৈ (৬০) কৰ্মদিন
মাচুল :
- ক্ষেত্ৰ নামজাৰি - বিনামূলীয়া
- কাৰ্য্যালয় নামজাৰি - চহৰাঞ্চলত ২০০ টকা
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা