indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

স্থাৱৰ সম্পত্তি স্থানান্তৰৰ বাবে আপত্তিহীনতা প্ৰমাণপত্ৰ

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি, এই সেৱা বৰ্তমান স্থাৱৰ সম্পত্তিৰ লীজ, উপহাৰ আৰু বন্ধকীৰ বাবে উপলব্ধ। স্থাৱৰ সম্পত্তি বিক্ৰীৰ বাবে এন.ও.চি.-ৰ বাবে আবেদন কৰাৰ বাবে, অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক বা কম্পোজিট ভূমি বিক্ৰী স্থানান্তৰ সেৱালৈ যাওক।


  1. বাধ্যতামূলক নথিপত্ৰসমূহ পৃথকভাবে স্কেন কৰাটো আৱশ্যক।
  2. বাধ্যতামূলক নথিপত্ৰসমূহৰ নামৰ সমুখত থকা চেক বক্সটো ক্লিক কৰি, পি.ডি.এফ. ফাইলটো বাছনি কৰাৰ লগতে ব্ৰাউজ কৰক আৰু তাৰপিছত আপলোড কৰক। প্ৰথমখন নথিপত্ৰ আপলোড হোৱাৰ পিছত দ্বিতীয়খন নথিপত্ৰত ক্লিক কৰি, এই প্ৰক্ৰিয়াটো এনেদৰে পুনৰাবৃত্তি কৰক।
  3. অনিবাৰ্য্য নথিপত্ৰসমূহ আপলোড কৰাৰ পিছত বাকী নথিপত্ৰ আপলোড কৰিব পৰা যায়।
  4. প্ৰত্যেকটো পি.ডি.এফ ফাইলৰ বাবে অনুমোদিত আকাৰ সৰ্বাধিক ২ এম.বি।

সহায়ক নথি পত্ৰ :

  1. শেহতীয়া দায়মুক্ত প্ৰমাণ পত্ৰ
  2. নাগৰিকত্ব স্থিতিৰ প্ৰমাণ
  3. অ-কৃষিগত কাৰ্যৰ উদ্দেশ্যে, ক্ৰয় কৰা ভূমি ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত শপতনামা
  4. ৰাজহ প্ৰদানৰ শেহতীয়া ৰচিদ

নির্ধাৰিত সময়সীমা : ৩০ দিন

মাচুল :

  1. গ্ৰাম্য - ৫০০ টকা।
  2. নগৰঅঞ্চল - ১০০০ টকা।
  3. জিএমচি - ২৫০০ টকা।
  4. সুবিধাৰ মাচুল-১০ টকা।