indian flag অসম চৰকাৰ
sitemap sitemap sitemap
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

পঞ্জীয়ণৰ ৰেৰ্কড অন্য় পঞ্জীকৰণ কর্তৃপক্ষলৈ হস্তান্তৰিত কৰাৰ বাবে আপত্তিহীনতা প্ৰমাণপত্ৰ

  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. তাৰ পিছত আৱেদনকাৰীক পৰিবহন Website vahan.nic.in লৈ স্থানান্তৰ কৰা হয় য'ত তেওঁলোকে সেই সেৱাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থন কাৰী নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. আবেদন সফলতাৰে দাখিল কৰাৰ পিছত, আবেদনকাৰীয়ে পৰিবহন Website ৰ পৰা এটা স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰিব।
  6. স্বীকৃতি নম্বৰৰ সহায়ত এজন আবেদনকাৰীয়ে এআৰটিপিএছ পোৰ্টেলত আবেদনটোৰ স্থিতি চাব আৰু অনুসৰণ কৰিব পাৰে।

    সহায়ক নথি পত্ৰ :

    1. বাহনৰ মোকৰ্দ্দমা মাচুলৰ ক্ষেত্ৰত চি.আই.দি. কাৰ্যালয়ৰ পৰা এন.চি.আৰ.বি. প্ৰতিবেদন দিব লাগিব। ই বাধ্যতামূলক।
    2. ‌স্ক্ৰেছ্ চ্চেশ্বীস্ পেঞ্চিল প্ৰিন্ট বাধ্যতামূলক।
    3. বিক্ৰী বা ক্ৰয় কৰাৰ সময়ত বাহনখনৰ পঞ্জীয়ন প্ৰমাণ পত্ৰৰ উপস্হিতি বাধ্যতামূলক
    4. শেহতীয়াভাবে উন্নীত কৰা প’লিউশ্বন আন্দাৰ চার্টিফিকেট (PUC)
    5. বৈধ বীমা প্ৰমাণ পত্রৰ প্ৰতিলিপি
    6. যদি বাহনখন দায়বদ্ধ হয়, তেনেহ'লে প্ৰপত্ৰ সংখ্যা ৩৪ বা ৩৫ ত অনুমোদন বা বেংক বা কোষাধ্যক্ষৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব।
    7. বাণিজ্যিক যাত্ৰীবাহী পৰিবহণৰ ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষ(STA) বা আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ(RTA) ৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট প্ৰদান কৰাতো অনিবাৰ্য্য।
    8. বাণিজ্যিক সামগ্ৰী আৰু যাত্ৰীবাহী পৰিবহণৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰৱৰ্ত্তন শাখাৰ পৰা বাহনখনৰ লগত কোনো ধৰণৰ অপৰাধজনিত গোচৰ জৰিত নাই বুলি প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব
    বিঃ দ্রঃ
    1. অনলাইন অবেদন জমা কৰা পিছত আবেদনকাৰীয়ে নথি পত্রৰ প্ৰত্যক্ষ নিৰীক্ষণৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্হিত থকাটো প্ৰয়োজন। দস্তাবেজৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু প্ৰপত্রৰ প্ৰকৃত প্ৰতিলিপি জমা কৰাৰ পিছতহে সেৱা প্ৰক্ৰিয়া অৰম্ভ হয়।
    2. জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা অন্তিম অনুমোদন লাভ কৰা পিছত আবেদনকাৰীয়ে স্মাৰ্ট কাৰ্ড মাচুল প্ৰদানৰ বাবে এমট্ৰন কাউন্টাৰলৈ যাব লাগিব।

     নির্ধাৰিত সময়সীমা : ৭ দিন

    মাচুল :

    1. সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
    2. ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
    3. স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা