আপোনাৰ সেৱাৰ বিষয়ে জানক
পুনৰ শ্ৰেণী বিভাজন সহ বদলিৰ বাবে অনুজ্ঞা পত্ৰ
- বাধ্যতামূলক নথিপত্ৰসমূহ পৃথকভাবে স্কেন কৰাটো আৱশ্যক।
- বাধ্যতামূলক নথিপত্ৰসমূহৰ নামৰ সমুখত থকা চেক বক্সটো ক্লিক কৰি, পি.ডি.এফ. ফাইলটো বাছনি কৰাৰ লগতে ব্ৰাউজ কৰক আৰু তাৰপিছত আপলোড কৰক। প্ৰথমখন নথিপত্ৰ আপলোড হোৱাৰ পিছত দ্বিতীয়খন নথিপত্ৰত ক্লিক কৰি, এই প্ৰক্ৰিয়াটো এনেদৰে পুনৰাবৃত্তি কৰক।
- অনিবাৰ্য্য নথিপত্ৰসমূহ আপলোড কৰাৰ পিছত বাকী নথিপত্ৰ আপলোড কৰিব পৰা যায়।
- প্ৰত্যেকটো পি.ডি.এফ ফাইলৰ বাবে অনুমোদিত আকাৰ সৰ্বাধিক ২ এম.বি।
সহায়ক নথি পত্ৰ :
- স্থানীয় কৰ্তৃপক্ষৰ পৰা অনুজ্ঞা পত্ৰ
- বিগত ১০ বছৰৰ পৰা কৃষিগত কাৰ্যৰ উদ্দেশ্যে, ভূমি ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত শপতনামা
- প্ৰস্তাৱিত ভূমিৰ ৰাজহ প্ৰদানৰ শেহতীয়া ৰচিদ
- আবেদনকাৰীৰ (পাট্টাদাৰ) পৰিচয়ৰ প্ৰমাণ পত্ৰ
নির্ধাৰিত সময়সীমা : ৩১ দিন
মাচুল :
- ৩ বিঘালৈকে - ২০০০ টকা।
- ৩ টাতকৈ অধিক বিঘা আৰু ১০ বিঘালৈকে - প্ৰতি অতিৰিক্ত বিঘাত ৫০ টকা।
- ১০ টাতকৈ অধিক বিঘা আৰু ৫০ বিঘালৈকে - প্ৰতি অতিৰিক্ত বিঘাত ১০০ টকা।
- ৫০ বিঘাৰ ওপৰত - প্ৰতি অতিৰিক্ত বিঘাত ১৫০ টকা
- সুবিধাৰ মাচুল-১০ টকা।