আপোনাৰ সেৱাৰ বিষয়ে জানক
পঞ্জীয়নভুক্ত জাহাজৰ পঞ্জীয়ন অন্য পঞ্জীয়নকাৰী কৰ্তৃপক্ষলৈ হস্তান্তৰৰ বাবে আপত্তি নথকা প্ৰমাণপত্ৰ
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব' ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব' ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেবটো ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন' ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন চূড়ান্তভাবে জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণৰ ধন প্ৰদান কৰিব লাগিব।
- ধনৰ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
- উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
- ১৫ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, পঞ্জীয়নভুক্ত জাহাজৰ পঞ্জীয়ন অন্য পঞ্জীয়নকাৰী কৰ্তৃপক্ষলৈ হস্তান্তৰৰ বাবে আপত্তি নথকা প্ৰমাণপত্ৰ কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
সহায়ক নথিপত্ৰসমূহ :
১/ জাহাজৰ মূল পঞ্জীয়ন প্ৰমাণ পত্ৰ
২/ আবেদনকাৰীৰ ঠিকনা প্ৰমাণ-পাছপ'ৰ্ট,বেংক পাছবুক,ভোটাৰ আইডি,পেমেন্ট ৰচিদসহ শেহতীয়া বিদ্যুৎ বিল,আধাৰ,ড্ৰাইভিং লাইচেন্স।[যিকোনো এটা]
৩/ আবেদনকাৰীৰ আইডি প্ৰমাণ-পাছপ'ৰ্ট, পেন কাৰ্ড,ভোটাৰ আইডি,বেংক পাছবুক,ড্ৰাইভিং লাইচেন্স।[যিকোনো এটা]
৪/ মালিকীস্বত্ব ঘোষণা.[সেৱাৰ প্ৰয়োজনীয়তা অংশত অনলাইনত উপলব্ধ ফৰ্মেট]
৫/ জাহাজৰ মূল অংশ আৰু যাত্ৰী বীমাৰ কপি।
নিৰ্ধাৰিত সময়সীমা: উপৰোক্ত সকলো নথি আপলোড কৰাৰ তাৰিখৰ পৰা ১৫ কৰ্মদিনৰ ভিতৰত সেৱা প্ৰদান কৰা হ’ব।
মাচুলৰ বিৱৰণ:
- সেৱা মূল্য (পিএফচি/চিএছচিৰ জৰিয়তে) – ৩০ টকা
- প্ৰিন্টিং মূল্য (পিএফচি/চিএছচিৰ পৰা যিকোনো প্ৰিন্টিংৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মূল্য (পিএফচি/চিএছচিত স্কেন কৰা নথিপত্ৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ৫ টকা।
- সুবিধাৰ মাচুল - ১০ টকা
মাচুলৰ প্ৰকাৰ: | মাচুলৰ পৰিমাণ(INR): | পেমেণ্টৰ সময়: | পেমেন্টৰ ধৰণ: |
আবেদন মাচুল | ৫ | আবেদন দাখিল কৰাৰ সময়ত | অনলাইন |