indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

কাৰ্যালয় নামজাৰী (চহৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চল)

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰথমতে প্ৰাৰ্থীৰ সবিশেষ তথ্য সংলগ্ন ঘোষণা পত্ৰখন ডাউনল’ড কৰি পৰিশিষ্ট শাখাত আপলোড কৰাৰ লগতে অসমীয়া তথা বাংলা ভাষাত প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। তাৰপিছত আবেদনকাৰীয়ে নামজাৰি কৰিব বিচৰা ভূমিৰ সৈতে সম্পৰ্কীয় সাধাৰণ তথ্যৰে প্ৰপত্ৰখন পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰেৰে (আৱশ্যকীয় টেবলৈ লক্ষ্য কৰক) আপলোড কৰিব লাগিব।
  5. আবেদনকাৰীয়ে নামজাৰি কৰিব বিচৰা ভূমি/অঞ্চলৰ বাবে প্ৰযোজনীয় পৰিমাণ, পৌৰ বা নগৰ আৰু গ্ৰাম্যাঞ্চলৰ ওপৰত ভিত্তি কৰি হে পৰিশোধ কৰিব লাগিব।
  6. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আবেদনকাৰীয়ে প্ৰযোজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব।
  7. প্ৰয়োজনীয় পৰিমাণ এবাৰ সফলতাৰে জমা হোৱাৰ পিছত, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব আৰু প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব, ফলস্বৰূপে প্ৰাৰ্থীৰ আবেদনৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ সহায় হ’ব এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  8. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  9. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  10. যদি সকলো প্ৰক্ৰিয়া শুদ্ধ হয় তেন্তে, সংশ্লিষ্ট বিষয়াই আবেদনকাৰীক শুনানী সন্দৰ্ভত এছ.এম.এছ আৰু মেইলৰ দ্বাৰা অৱগত কৰিব।
  11. শুনানী আৰু প্ৰক্ৰিয়া সফলৰূপে সম্পন্ন হোৱাৰ পিছত, নামজাৰি প্ৰমাণ পত্ৰ প্ৰস্তুত হ’ব আৰু এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইলৰ জৰিয়তে বাৰ্তা লাভ কৰিব তথা তেওঁলোকে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।

   সহায়ক নথি পত্ৰ :

মাটি খৰিদ, দান, বন্ধক আৰু উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ নামজাৰি কৰিব বিচাৰিলে নিৰ্দ্দিষ্ট প পত্ৰ চৰকাৰী মাছুলসহ আবেদন কৰিব লাগিব

  1. মূল পঞ্জীকৃত দলিলৰ প্ৰতিলিপি/প্ৰত্যায়িত দলিল হস্তান্তৰৰ প্ৰতিলিপি
  2. সম্প্ৰতি লৈকে আদায় মাটিৰ খাজনাৰ ৰচিদ/যি মাটিৰ নামজাৰি (পঞ্জীয়ন) কৰিব বিচাৰে তাৰ বৰ্তমানলৈকে আদায় দিয়া খাজনাৰ ৰচিদ
  3. এটা ঘোষণাত কোৱা হৈছে যে আবেদনকাৰীৰ অসম ভূমি ধাৰণ আইন, ১৯৫৬ ৰ ওপৰত চিলিং নিৰ্ধাৰণৰ অধীনত নিৰ্ধাৰণ কৰা সীমাতকৈ অধিক ভূমি নাই

যদি উত্তৰাধিকাৰী সূত্ৰে পোৱা মাটিৰ নামজাৰি (পঞ্জীয়ন) কৰিব বিচাৰে:

  1. সম্প্ৰতি লৈকে আদায় মাটিৰ খাজনাৰ ৰচিদ
  2. শপতনামা - (ক)শপত খাই উল্লেখ কৰিব লাগিব যে আবেদনকাৰী/আবেদনকাৰীসকল মৃত পাট্টাদাৰৰ পুত্ৰ/কইনা/পত্নী অথবা বৈধ উত্তৰাধিকাৰী, (খ)শপত খাই ঘোষণা কৰিব লাগিব যে ইয়াৰ পূৰ্বে কালৈকো এই সম্পত্তি বন্ধক নাইবা কাকো এই সম্পত্তিৰ দায়িত্বভাৰ দিয়া হোৱা নাই এই মাটি নামজাৰি কৰাৰ বাবে
  3. মৃত পাট্টাদাৰৰ মৃত্যুৰ প্ৰমাণ পত্ৰ দিব লাগিব যিজনৰ মাটি নামজাৰি কৰিব
  4. যিজনে ইয়াৰ উত্তৰাধিকাৰী বুলি আবেদন কৰিব তেওঁ তেওঁৰ জীৱনকালত এই সম্পত্তি কালৈকো হস্তান্তৰ কৰা নাই
  5. আপত্তি বিহীন প্ৰমাণ পত্ৰ উপায়ুক্তৰ পৰা দিব লাগিব(আবেদনকাৰী উত্তৰাধিকাৰীৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহব)
  6. সকলো উত্তৰাধিকাৰীৰ নথিৰ নিশ্চয়তাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি | ই চৰকাৰী ভাবে জাৰী কৰা NOK নাইবা গাঁও বুঢ়াৰ বৈধ প্ৰতিবেদন

নির্ধাৰিত সময়সীমা : ARTPS অনুযায়ী ৬০ দিন যদিহে এই প্ৰক্ৰিয়াৰ কালছোৱাত কোনোৱে অভিযোগ নকৰে।

মাচুল :

  1. কিনাৰ ক্ষেত্ৰত ২০০‌ টকা চহৰাঞ্চলৰ বাবে আৰু ৫০ টকা গ্ৰাম্যাঞ্চলত
  2. গ্ৰামাঞ্চলৰ উত্তৰাধিকাৰী সূত্ৰৰ ক্ষেত্ৰত এই সেৱা বিনামূলীয়া