আপোনাৰ সেৱাৰ বিষয়ে জানক
নিয়োগ বিনিময়ত নিয়োগ সন্ধানকাৰীৰ পুনৰ পঞ্জীয়ন
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সমৰ্থিত প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰি, প্ৰকৃত নথিপত্ৰসমূহ সোঁশৰীৰে সত্যতা নিৰ্ণয়ৰ বাবে, সিষ্টেমে উৎপন্ন কৰা এভেইলএবল টাইম স্লটটো(উপলভ্য সময়সীমাৰ স্লট)বাচনি কৰিব লাগিব।
- প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব। পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ আবেদন পত্ৰখন প্ৰেৰণ কৰা হ’ব। এই সন্দৰ্ভত আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব।
- আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
- অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সংশ্লিষ্ট বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকীয়ে, বিশেষ কাৰণত শাৰীৰিক সত্যাপনৰ বাবে নিৰ্ধাৰিত সময়সূচীমতে উপস্থিত থাকিব লোৱাৰে তেন্তে, তেওঁ টাইম স্লটটো পুনৰ বুক(সংৰক্ষণ)কৰিবলৈ সৰ্বাধিক তিনিটা সুযোগ লাভ কৰিব। এই নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত আবেদনকাৰী উপস্থিত হ’বলৈ ব্যৰ্থ হ’লে স্বয়ংক্ৰিয় ভাবে উক্ত প্ৰক্ৰিয়া বাতিল হৈ যাব।
- কোনোধৰণৰ বিসংগতি অবিহনে, প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত ৩ দিনৰ ভিতৰত প্ৰমাণ পত্ৰখন প্ৰদান কৰা হ’ব। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে অৱগত হ’ব। আবেদনকাৰীয়ে এই নৱীকৰণ পঞ্জীয়ন প্ৰমাণ পত্ৰখন এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব লাগিব।
সহায়ক নথি পত্ৰ :
- মজুত থকা পঞ্জীয়ন কাৰ্ড
- নতুন অৰ্হতা / অভিজ্ঞতা
নির্ধাৰিত সময়সীমা : ৩ দিনৰ ভিতৰত
মাচুল :
- বিধিবদ্ধ মাচুল: শূন্য
- সেৱা মাচুল (PFC/CSC ৰ জৰিয়তে) - ৩০ টকা
- ছপা খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং খৰচ (PFC/CSC ৰ জৰিয়তে) - প্ৰতি পৃষ্ঠা ৫ টকা