আপোনাৰ সেৱাৰ বিষয়ে জানক
পৰিৱৰ্তনৰ পঞ্জীয়ন
- যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব' ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক।
- ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব' ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
- আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেব'টো ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন' ত ক্লিক কৰিব লাগিব।
- আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
- প্ৰপত্ৰখন চূড়ান্তভাবে জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণৰ ধন প্ৰদান কৰিব লাগিব।
- ধনৰ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
- উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
- ৩০ কৰ্মদিনৰ ভিতৰত সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, পৰিৱৰ্তনৰ পঞ্জীয়ন পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।
Download মালিকীস্বত্ব ঘোষণা প্ৰ-পত্ৰ
সহায়ক নথিপত্ৰসমূহ :
অনলাইন আবেদনৰ সৈতে আপলোড কৰিবলগীয়া বাধ্যতামূলক নথিপত্ৰসমূহ :
- জাহাজৰ মূল পঞ্জীয়ন প্ৰমাণ পত্ৰ।
- জৰীপৰ প্ৰমাণ পত্ৰৰ বৈধ কপি।
- ঠিকনা আবেদনকাৰীৰ প্ৰমাণ-পাছপ'ৰ্ট,বেংক পাছবুক,ভোটাৰ আইডি,পেমেন্ট ৰচিদৰ সৈতে শেহতীয়া বিদ্যুৎ বিল,আধাৰ,ড্ৰাইভিং লাইচেন্স।[যিকোনো এটা]
- আইডি আবেদনকাৰীৰ প্ৰমাণ-পাছপ'ৰ্ট, পেন কাৰ্ড,ভোটাৰ আইডি,বেংক পাছবুক,ড্ৰাইভিং লাইচেন্স।[যিকোনো এটা]
- মালিকীস্বত্বৰ স্ব-ঘোষণা।[সেৱাৰ প্ৰয়োজনীয়তা অংশত অনলাইনত উপলব্ধ ফৰ্মেট]
- জাহাজৰ মূল অংশ আৰু যাত্ৰী বীমাৰ কপি।
দক্ষতাৰ প্ৰমাণ পত্ৰ/ক্ৰুৰ অনুমতি পত্ৰ। [যিকোনো এটা]
নিৰ্ধাৰিত সময়সীমা:
উপৰোক্ত সকলো নথি আপলোড কৰাৰ তাৰিখৰ পৰা ৩০ কৰ্মদিনৰ ভিতৰত সেৱা প্ৰদান কৰা হ’ব।
মাচুলৰ বিৱৰণ:
- সেৱা চাৰ্জ (পিএফচি/চিএছচিৰ জৰিয়তে) - ৩০ টকা।
- প্ৰিন্টিং চাৰ্জ (পিএফচি/চিএছচিৰ পৰা কোনো ধৰণৰ প্ৰিন্টিঙৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা।
- স্কেনিং চাৰ্জ (পিএফচি/চিএছচিত নথিপত্ৰ স্কেন কৰা হ’লে) - প্ৰতি পৃষ্ঠাত ৫ টকা।
- সুবিধাৰ মাচুল - ১০ টকা
মাচুলৰ প্ৰকাৰ | মাচুলৰ পৰিমাণ(INR) | পেমেন্টৰ সময় | পেমেন্টৰ ধৰণ |
জৰীপ মাচুল | ৫ | আবেদন দাখিল কৰাৰ সময়ত | অনলাইন |