indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

১৯০৮ চনৰ পঞ্জীয়ন আইন অনুসৰি নথি পঞ্জীকৰণ - (বিক্ৰী দলিল) (বিটিএডি)

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. তাৰপিছত, আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এখন স্বীকৃতি প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. বিবাহ পঞ্জীয়নৰ বাবে যদি বিষয়াৰ সৈতে দেখা কৰিবলৈ নিযুক্তি গ্ৰহণ কৰা হয় তেন্তে, আবেদনকাৰীয়ে প্ৰথমতে বিবাহ পঞ্জীয়নৰ বাবে আবেদন জনোৱাটো আৱশ্যক। তেনে ক্ষেত্রত ৩০ দিনৰ ভিতৰতে পুৰুষ/মহিলাগৰাকীয়ে নিযুক্তি লাভৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। বিবাহৰ পৰিৱৰ্ত্তে যদি কোনো কৰ্ম সংস্থাপনৰ কাৰনে আগতীয়াকৈ নিযুক্তি গ্ৰহণ কৰা থাকে তেনেহ'লে, প্ৰার্থীয়ে ৱেবছাইটত উল্লেখিত যিকোনো তাৰিখেই বাচনি কৰিব পাৰে।
  9. উক্ত তাৰিখৰ দিনা যদিহে সংশ্লিষ্ট বিষয়াগৰাকী উপস্থিত নাথাকে তেনেহ'লে তেওঁ কাৰ্যসূচীৰ দিন নতুনকৈ ধাৰ্য্য কৰিব পাৰে। এই সন্দর্ভত প্রার্থীলৈ মেইল আৰু এছ.এম.এছ প্ৰেৰণ কৰাৰ লগতে বিষয়াৰ সৈতে দেখা হোৱাৰ দিন নিশ্চিত হ'লেই প্ৰাৰ্থীলৈ আশ্বস্তসূচক মেইল অৰু এছ.এম.এছ প্ৰেৰণ কৰা হ'ব। এই মেইল, আবেদন পত্ৰ জমা দিয়াৰ দুদিনৰ ভিতৰত আবেদনকাৰীলৈ পঠিওৱা হয়।

    নির্ধাৰিত সময়সীমা : ১০ দিন

    মাচুল :

    1. GMC এলেকাত ৫০০ টকা
    2. ২৫০ টকা - GMC এলেকাৰ বাহিৰৰ অন্য় নগৰ অঞ্চল
    3. ১০০ টকা - গ্ৰামীণ অঞ্চল কাৰণে অনুসন্ধান শুল্কৰ সৈতে