indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

অসম বিপণী আৰু প্ৰতিষ্ঠান বিধি, ১৯৭৬ ৰ অধীনত, অসম বিধিৰ ৩৬ আৰু ৪৫ ধাৰাৰ অন্তৰ্গত "ও" প্ৰপত্ৰত প্ৰতিষ্ঠানৰ পঞ্জীয়ন

পজ্ঞীয়ন কৰক
  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, মুখ্য পৃষ্ঠাত থকা 'ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব'ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ 'লগ ইন টেব'ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ 'এপ্লাই অনলাইন টেবটো' ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, আৱশ্যকীয় টেবটো ব্যৱহাৰ কৰাৰ পিছত 'এপ্লাই বাটন'ত ক্লিক কৰিব লাগিব
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব
  5. প্ৰপত্ৰখন অন্তিমবাৰ জমা দিবলৈ, আবেদনকাৰীয়ে আৱশ্যকীয় পৰিমাণ প্ৰদান কৰিব লাগিব
  6. পৰিমাণ পৰিশোধ প্ৰক্ৰিয়া এবাৰ সফলতাৰে সম্পন্ন হ’লে, পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব, যিটো এছ.এম.এছ আৰু ই-মেইল আইডিৰ মাধ্যমেৰে আবেদনকাৰীক অৱগত কৰা হ’ব।
  7. উল্লেখিত সেৱাসমূহ সম্পূৰ্ণ হ’লে, আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব। সেৱা সম্পূৰ্ণ হোৱা সন্দৰ্ভত আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ প্ৰতি সঁহাৰি দিয়াটো প্ৰয়োজনীয়।
  8. সেৱা সফলতাৰে সম্পন্ন হোৱাৰ পিছত, অসম বিপণী আৰু প্ৰতিষ্ঠান বিধি, ১৯৭৬ ৰ  অধীনত, অসম বিধিৰ ৩৬ আৰু ৪৫ ধাৰাৰ অন্তৰ্গত "ও" প্ৰপত্ৰত প্ৰতিষ্ঠানৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয়। এই বিষয়ে আবেদনকাৰীয়ে এছ.এম.এছ আৰু ই-মেইলৰ জৰিয়তে জ্ঞাত হ’ব আৰু তেওঁলোকে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা উক্ত প্ৰমাণ পত্ৰ ডাউনল’ড কৰিব পাৰিব।

সহায়ক নথিপত্ৰ :

  1. স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা সংস্কৰিত কৰা ব্যৱসায় অনুজ্ঞা পত্ৰৰ এখন প্ৰতিলিপি আৱশ্যক
  2. অংশীদাৰিত্ব ফাৰ্ম বা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত পঞ্জীকৃত অংশীদাৰিত্ব কাৰ্য্যৰ এখন প্ৰতিলিপি আৱশ্যক
  3. স্থায়ী, অস্থায়ী, নৈমিত্তিক, পৰীক্ষামূলক আৰু শিকাৰু কৰ্মচাৰী প্ৰত্যেকৰ বাবে জাৰি কৰা নিযুক্তি পত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপি

নিৰ্ধাৰিত সময়সীমাঃ

নিৰীক্ষণৰ পিছত, যদি আবেদন পত্ৰখন সকলো প্ৰকাৰৰ পৰা শুদ্ধ বুলি গণ্য কৰা হয়, তেনেহ'লে আবেদন লাভ কৰা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত পঞ্জীয়নৰ প্ৰমাণ পত্ৰ জাৰি কৰা হয় |

মাচুল :

 বিপণী

বিপণীৰ প্ৰকাৰ বা বিভিন্ন ধৰণৰ বিপণী 
পঞ্জীয়নৰ বাবে মাচুল
পৰিবৰ্ত্তন বিষয়ক জাননীৰ বাবে মাচুল
     
1. স্বনিয়োজিত ক্ষুদ্ৰ দোকান /বিপণী ১০০ টকা ৫০ টকা
2.  কৰ্মচাৰীহীন বিপণী ৩০০ টকা ৫০ টকা
3. এজনৰ পৰা তিনিজন কৰ্মচাৰী থকা দোকান  ১০০০ টকা ৫০ টকা
4.চাৰি জনৰ পৰা নজন কৰ্মচাৰী থকা দোকান
 ২০০০ টকা  ৫০ টকা
5. দহজনৰ পৰা বিশজন কৰ্মচাৰী থকা বিপণী ৪০০০ টকা ৫০ টকা
6. একৈশ জনৰ পৰা পঞ্চাশ জন  কৰ্মচাৰী থকা বিপণী  ১০,০০০ টকা ৫০ টকা
7. একাৱন বা ততোধিক কৰ্মচাৰী থকা বিপণী  ২০০০০ টকা
৫০ টকা
8.  স্বনিয়োজিত গহণাৰ বিপণী  ১০০০ টকা ৫০ টকা
9. এজনৰ পৰা তিনিজন কৰ্মচাৰী থকা গহণাৰ বিপণী ২০০০ টকা ৫০ টকা
10. চাৰিজনৰ পৰা নজন কৰ্মচাৰী থকা গহণাৰ বিপণী ৩০০০ টকা ৫০ টকা
11. দহ বা ততোধিক কৰ্মচাৰী থকা গহণাৰ বিপণী   ১০,০০০ টকা ৫০ টকা
12. মূল্যবান পাথৰ, ৰত্ন আদিৰ সৈতে লেন-দেন কৰিবলৈ স্বনিয়োজিত গহণাৰ বিপণী  ১০০০ টকা ৫০ টকা
13. এজনৰ পৰা তিনিজন কৰ্মচাৰীৰ সৈতে মূল্যবান পাথৰ, ৰত্ন আদিৰ সৈতে লেন-দেন কৰা গহণাৰ বিপণী  ২০০০ টকা ৫০ টকা
14. চাৰিজনৰ পৰা ন জন কৰ্মচাৰীৰ সৈতে মূল্যবান পাথৰ, ৰত্ন আদিৰ সৈতে লেন-দেন কৰা গহণাৰ বিপণী ৪০০০ টকা ৫০ টকা
15. দহৰ পৰা বিশজন কৰ্মচাৰীৰ সৈতে মূল্যবান পাথৰ, ৰত্ন আদিৰ সৈতে লেন-দেন কৰা গহণাৰ বিপণী   ১০,০০০ টকা ৫০ টকা
16. একৈশ বা ততোধিক কৰ্মচাৰীৰ সৈতে মূল্যবান পাথৰ, ৰত্ন আদিৰ সৈতে লেন-দেন কৰিবলৈ গহণাৰ বিপণী ২০০০০ টকা ৫০ টকা
   

 

 

বাণিজ্যিক প্ৰতিষ্ঠান  

বিপণীৰ প্ৰকাৰ বা বিভিন্ন ধৰণৰ বিপণী 
পঞ্জীয়নৰ বাবে মাচুল
পৰিবৰ্ত্তন বিষয়ক জাননীৰ বাবে মাচুল
     
1. কৰ্মচাৰীহীন প্ৰতিষ্ঠান  ২৫০ টকা  ৫০ টকা
2.  এজনৰ পৰা তিনিজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান  ১০০০ টকা  ৫০ টকা
3.  চাৰিজনৰ পৰা নজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান ২৫০০ টকা ৫০ টকা
4. দহজনৰ পৰা বিশজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান ৫০০০ টকা ৫০ টকা
5. একৈশ জনৰ পৰা পঞ্চাশ জন  কৰ্মচাৰী থকা প্ৰতিষ্ঠান  ১০,০০০ টকা ৫০ টকা
6. একাৱন বা ততোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান ২০,০০০ টকা ৫০ টকা
   

 

 

 

ৰাজহুৱা/সামূহিক মনোৰঞ্জনৰ বাবে প্ৰতিষ্ঠান   

বিপণীৰ প্ৰকাৰ বা বিভিন্ন ধৰণৰ বিপণী
পঞ্জীয়নৰ বাবে মাচুল 
 পৰিবৰ্ত্তন বিষয়ক জাননীৰ বাবে মাচুল
     
1. কৰ্মচাৰীহীন প্ৰতিষ্ঠান ২৫০ টকা ৫০ টকা
2. এজনৰ পৰা তিনিজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান ১০০০ টকা   ৫০ টকা
3. চাৰিজনৰ পৰা নজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান  ২৫০০ টকা ৫০ টকা
4. দহজনৰ পৰা উনৈশজন কৰ্মচাৰী থকা প্ৰতিষ্ঠান ৫০০০ টকা ৫০ টকা
5. বিশজন বা ততোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান ১০,০০০ টকা ৫০ টকা
6.  কৰ্মচাৰীহীন প্ৰতিষ্ঠান (হোটেল, ৰেষ্টোৰাঁ আদি ) ২৫০ টকা ৫০ টকা
7. দহ বা ততোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান  (হোটেল, ৰেষ্টোৰাঁ, তিনি তাৰকাযুক্ত পর্য্যন্ত ৰিজর্ট আদি ) ১০,০০০ টকা ৫০ টকা
8. দহ বা ততোধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠান  (হোটেল, ৰেষ্টোৰাঁ, চাৰি তাৰকাযুক্ত পর্য্যন্ত ৰিজর্ট আদি ) ১৫,০০০ টকা ৫০ টকা
9. দহজনৰ পৰা উনৈশজন কৰ্মচাৰী সহ চিত্রগৃহৰ কার্য সম্পাদন ১০,০০০ টকা ৫০ টকা
10. বিশ বা ততোধিক কৰ্মচাৰী সহ চিত্রগৃহৰ কার্য সম্পাদন   ২০,০০০ টকা ৫০ টকা
11.  দহজনৰ পৰা উনৈশজন কৰ্মচাৰী সহ মাল্টিপ্লেক্সৰ(বহু তৰপীয়া) কার্য সম্পাদন ২০,০০০ টকা ৫০ টকা
12. বিশ বা ততোধিক কৰ্মচাৰী সহ মাল্টিপ্লেক্সৰ(বহু তৰপীয়া) কার্য সম্পাদন ২৫০০০ টকা ৫০ টকা
13.  মনোৰঞ্জনধৰ্মী উদ্যান ২৫০০০ টকা ৫০ টকা

বিশেষ দষ্ট্ৰব্যঃ  সৰাই আইনৰ অধীনত কৰ্মৰত লোকসকল, শিক্ষাৰ্থী সকল থাকিবলৈ পেয়িং গেষ্ট, ব্যক্তিগত আৱাস, অতিথি শালা, ল'জ আৰু ৰেস্তোৰাঁ, হোটেল আদিক সমূহীয়া মনোৰঞ্জনধৰ্মী প্ৰতিষ্ঠান হিচাপে বিবেচনা কৰা হ'ব

অফলাইন: অসম বিপণী আৰু প্ৰতিষ্ঠান বিধি, ১৯৭৬ ৰ  অধীনত পঞ্জীয়নৰ বাবে নিৰ্ধাৰিত মুখ্য একাউন্টত ট্ৰেজাৰী চালানৰ মাধ্যমেৰে "০২৩০- শ্ৰমিক আৰু সংস্থাপন-১০১ ত অপেক্ষিত মাচুল জমা কৰিব লাগিব