indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞাপত্ৰ নৱীকৰণ (বিটিএডি)

পজ্ঞীয়ন কৰক
  1. আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে মূখ্যপৃষ্ঠাত থকা পঞ্জীয়ন টেবত ক্লিক কৰাটো প্ৰয়োজন আৰু তাৰপিছত আৱশ্যকীয় ঠাইসমূহ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড আদিৰে পৰিপূৰ্ণ কৰি পঞ্জীয়ন কৰিব পাৰিব।
  2. আবেদনকাৰীয়ে নিজ পৰিচয় পত্ৰেৰে সৈতে লগ ইন কৰিবলৈ লগ ইন টেব ক্লিক কৰাটো প্ৰয়োজন।
  3. সিস্টেমত (কম্পিউটাৰ/লেপটপ)লগ ইন কৰা পিছত, আবেদনকাৰীয়ে (পুৰুষ/মহিলা) অনলাইন আবেদন টেব ক্লিক কৰাটো প্ৰয়োজন, লগতে তেওঁলোকে আবেদন কৰিব বিচৰা সেৱা নিৰ্বাচন কৰি আৱশ্যকীয় টেবৰ মাধ্যমেৰে যোৱাৰ পিছত এপ্লাই বাটনত (আবেদন) ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি আৱশ্যকীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা হোৱাৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা প্ৰস্তুত হ’ব। তাৰপিছত আবেদন পত্ৰখন পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিব। এই সকলো তথ্য আবেদনকাৰীক এছ.এম.এছ আৰু মেইলৰ জৰিয়তে অৱগত কৰিব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. অনলাইন আবেদন কৰা সময়ত যদিহে কোনো বিসংগতি বা অমিল পোৱা যায়, তেন্তে আবেদনকাৰীয়ে অনলাইন আবেদন পত্ৰখনত আৱশ্যকীয় সংশোধন কৰিব পাৰিব নাইবা নতুনকৈ অনলাইন আবেদন কৰিব লাগিব। এই সন্দৰ্ভত আবেদনকাৰীয়ে সম্পৰ্কীয় বিষয়াৰ দ্বাৰা এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  8. যদিহে আবেদন পত্ৰত অন্তৰ্ভূক্ত সকলোবোৰ তথ্য শুদ্ধ তেনেহ’লে, বিপণী/সংস্থাপনৰ শাৰিৰীক পৰিদৰ্শনৰ বাবে তাৰিখ নিৰ্ধাৰণ হ’ব। আবেদনকাৰীয়ে পৰিদৰ্শন সম্পৰ্কে সকলো তথ্যৰ ক্ষেত্ৰত এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  9. আবেদন পত্ৰ সম্পৰ্কত যদিহে সকলো প্ৰক্ৰিয়া শুদ্ধ তেনেহ’লে, আবেদনকাৰীয়ে বি.টি.এ.ডি. কাৰ্যালয়লৈ যাব লাগিব আৰু প্ৰয়োজনীয় পৰিমাণ পৰিশোধ কৰিব লাগিব। পৰিশোধ প্ৰক্ৰিয়া ট্ৰেজাৰী চালানৰ মাধ্যমেৰে সম্পন্ন হ’ব। আবেদনকাৰীয়ে এই সন্দৰ্ভত এছ.এম.এছ আৰু মেইল লাভ কৰিব।
  10. কোনো ক্ৰূটি অবিহনে প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত ৩০ দিনৰ ভিতৰত প্ৰমাণ পত্ৰখন প্ৰস্তুত হয়। এই ক্ষেত্ৰত আবেদনকাৰীয়ে এছ.এম.এছ আৰু মেইল লাভ কৰিব। তাৰপিছত আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ. পোৰ্টেলৰ পৰা পঞ্জীয়ন প্ৰমাণ পত্ৰৰ নৱীকৰণ ডাউনল’ড কৰিব লাগিব।
    সহায়ক নথি পত্ৰ :
    1. প্ৰপত্ৰ জি-ত সাক্ষাৎকাৰ পত্ৰৰ প্ৰতিলিপি প্ৰতিজন স্থায়ী, অস্থায়ী, অনিয়মীয়া প্ৰশিক্ষণকৰ্তা, শিক্ষাৰ্থী কৰ্মচাৰীক জাৰী কৰা হৈছে।
    2. জাৰী কৰা পঞ্জীয়ণকৰণ প্রমাণপত্রৰ আচল অনুলিপি
    বিঃ দ্রঃ
    1. অফলাইন - প্ৰয়োজনীয় মাচুল বোৰ কোষাগাৰ চালানৰ যোগেৰে ০২৩০-শ্ৰম আৰু নিয়োগ-১০১-অসম দোকান আৰু স্থাপন নিয়ম, ১৯৭৬-ৰ অধীনত পঞ্জীয়নৰ বাবে মাচুল নিৰ্দিষ্ট হেডত জমা কৰিব লাগে
    নির্ধাৰিত সময়সীমা : ১৫ কাৰ্য দিন