indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

হৰ্ডিং স্থাপনৰ অনুমতি নবীকৰণ

পজ্ঞীয়ন কৰক
  1. যদি আবেদনকাৰী পুৰুষ বা মহিলাগৰাকী, নতুন ব্যৱহাৰকাৰী হয় তেন্তে, এই পৃষ্ঠাৰ ওপৰত সৌফালে থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য আৰু পাছৱৰ্ড  আদি আৱশ্যকীয় তথ্যৰে সৈতে পঞ্জীয়ন (ৰেজিষ্ট্ৰেশ্যন) কৰাটো আৱশ্যক।
  2. ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়োজন।
  3. আবেদনকাৰীয়ে সিষ্টেমত লগ ইন কৰাৰ পিছত, তেওঁ “এপ্লাই অনলাইন টেবটো” ক্লিক কৰিব লাগিব আৰু কেনেধৰণৰ সেৱাৰ বাবে আবেদন কৰিব সেইয়া বাচনি কৰি, ৰিকুইৱাৰমেন্টছ (Requirements)টেবৰ মাধ্যমেৰে “এপ্লাই বাটন”ত ক্লিক কৰিব লাগিব।
  4. আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰি, সহায়কাৰী প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।
  5. প্ৰপত্ৰখন সফলতাৰে জমা দিয়াৰ পিছত, আবেদন প্ৰসংগ সংখ্যা সম্বলিত এটা স্বীকৃতি সংখ্যা উৎপন্ন হ’ব। তাৰপিছত পৰৱৰ্ত্তী প্ৰক্ৰিয়াৰ বাবে আবেদন পত্ৰখন উচ্চপদস্থ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হ’ব।
  6. আবেদনকাৰীয়ে ট্ৰেক বাটনত ক্লিক কৰি আবেদন প্ৰসংগ সংখ্যা এন্টাৰ (প্ৰৱেশ) কৰিলেই, আবেদন পত্ৰৰ অৱস্থান লক্ষ্য কৰাৰ লগতে নিৰীক্ষণ কৰিব পাৰিব।
  7. নথিপত্ৰ সফলতাৰে জমা দিয়াৰ পিছত, হোৰ্ডিং নৱীকৰনৰ অনুমতি প্ৰদান প্ৰস্তুত হ’ব আৰু লগে লগে আবেদনকাৰীয়ে এ.আৰ.টি.পি.এছ পোৰ্টেলৰ পৰা ডাউনল’ড কৰিব পাৰিব। এই বিযয়ে আবেদনকাৰীক এছ.এম.এছ আৰু ই-মেইল আইডিৰ জৰিয়তে  অৱগত কৰা হ’ব।


সহায়ক নথিপত্ৰঃ

  1. সংস্থাৰ নামৰ ক্ষেত্ৰত বিজ্ঞাপনৰ বাবে সাধাৰণ বাণিজ্যিক অনুজ্ঞাপত্ৰ (বাধ্যতামূলক)
  2. ভূমি/অট্টালিকা আৰু সংস্থাৰ গৰাকীৰ  মাজত বুজাবুজি (বাধ্যতামূলক)
  3. ভৱনৰ গৰাকীৰ সম্পত্তি কৰ ৰচিদ (বাধ্যতামূলক)
  4. প্ৰত্যায়িত অভিযন্তাৰ পৰা সংগঠনমূলক সুৰক্ষা প্ৰমাণপত্ৰ লাভ কৰাটো বাধ্যতামূলক
  5. বৈদ্যুতিক সংযোগ থকাৰ ক্ষেত্ৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ  (এপিডিচিএল) পৰা অনুজ্ঞাপত্ৰ লাভ কৰাটো বাধ্যতামূলক
  6. চাইট মেপ বা গুগল মেপ স্নেপশ্বট (বাধ্যতামূলক)
  7. জিপিএছ নিৰ্দেশক (বাধ্যতামূলক)
  8. চুক্তিপত্ৰখন ভৱনৰ মালিকৰ বাহিৰে অন্য লোকৰ দ্বাৰা যদি সমাধা হয়, তেন্তে পৰা ভৱন বা মাটিৰ মালিকৰ পৰা অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হ'ব

নিৰ্ধাৰিত সময়সীমাঃ ৩০ দিন

মাচুল:

  1. সেৱা মূল্য (পিএফচি/চিএছচি) - ৩০ টকা
  2. মুদ্ৰণ মূল্য (পিএফচি/চিএছচিত মূদ্ৰিত নথিপত্ৰৰ ক্ষেত্ৰত) - প্ৰতি পৃষ্ঠাত ১০ টকা
  3. স্কেনিং মূল্য (পিএফচি/চিএছচিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত) প্ৰতি পৃষ্ঠাত ৫ টকা
  4. লাইটৰ সৈতে হোৰ্ডিংৰ বাবে প্ৰতি বৰ্গফুটৰ মুল্য ১০০ টকা
  5. লাইট অবিহনে হোৰ্ডিংৰ বাবে প্ৰতি বৰ্গফুটৰ মুল্য ৫৫ টকা