indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

প্ৰকৃত বাৰ্ষিক পাট্টাধাৰী (এপি) ৰ পৰা হস্তান্তৰ কৰা বাৰ্ষিক পট্টা (এ পি) ভূমিৰ নিস্পত্তি

নিৰ্দেশাৱলী:
১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব। 

যোগ্যতাৰ মাপকাঠী:
যদি কোনো বাৰ্ষিক পট্টা ভূমি হস্তান্তৰ কৰা হয়, তেন্তে বাৰ্ষিক পট্টা নবীকৰণ নকৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব আৰু বাৰ্ষিক পট্টা বাতিল কৰি ভূমি, চৰকাৰী ভূমিলৈ ৰূপান্তৰিত কৰা হ’ব। বাৰ্ষিক পট্টাৰ ভূমি চৰকাৰী কৰি লোৱাৰ পিছত সংশোধিত ভূমি নীতি, ২০১৯ ত নিৰ্ধাৰিত পদ্ধতিৰে যোগ্য দখলদাৰৰ সৈতে ভূমি মীমাংসিত বা নিষ্পত্তি কৰা হ’ব।

সমৰ্থনকাৰী নথিপত্ৰসমূহ :

১) শেহতীয়া ভূমি ৰাজহৰ ৰচিদ। 

২) প্ৰকৃত আবণ্টিত ব্যক্তিৰ পৰা জমিৰ মালিকীস্বত্ব হস্তান্তৰ কৰা বুলি প্ৰমাণ কৰিবলৈ যিকোনো সমৰ্থনকাৰী নথি।

নিৰ্ধাৰিত সময়সীমা : ৫ আগষ্ট, ২০২৩

মাচুল:

১) ব্যৱহাৰকাৰী মূল্য- ৫০ টকা

২) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা

 ৩) ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা

৪) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা