indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ পট্টন

নিৰ্দেশাৱলী:

১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক

২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব। 

যোগ্যতাৰ মাপকাঠী:

১৯৪৭ চনত অধ্যায়-এক্স শীৰ্ষক এক নতুন অধ্যায় সংযোজনেৰে সংশোধন কৰা, এ এল আৰ আৰ, ১৮৮৬,নিতিয়ে সুৰক্ষিত বেল্ট আৰু খণ্ডত ভূমিৰ অধিকাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনে। জনজাতীয় বেল্ট বা খণ্ডত সাধাৰণ খেতিৰ বাবে পেলনীয়া ভূমিৰ বসতি, ৰাজ্যিক নীতি আৰু পদ্ধতি অনুসৰি হয় লগতে অধ্যায় -এক্স, এ এল আৰ আৰ, ১৮৮৬ অনুযায়ী স্থায়ীভাৱে বাস কৰা অধিসূচিত শ্ৰেণীৰ সৎ প্ৰয়োজনীয়তা বিবেচনা কৰা হয়। জনজাতীয় বেল্ট বা খণ্ডৰ বাহিৰত, গ্ৰাম্যাঞ্চলত ঘৰুৱা কামৰ উদ্দেশ্যে ১ বিঘা আৰু সাধাৰণ খেতিৰ বাবে সৰ্বোচ্চ ৭ বিঘা সীমাৰ ক্ষেত্ৰত ভূমি নীতি, ২০১৯ৰ দ্বাৰা পৰিচালিত হয়। 


ওপৰত উল্লেখ কৰা সীমাতকৈ অধিক জনজাতীয় জনগোষ্ঠীৰ বংশগত ভূমি ৫০ বিঘালৈকে বসতি স্থাপনৰ বাবে, মিছন বসুন্ধৰা ২.০ ৰূপায়ণৰ সময়ছোৱাৰ বাবে চানচেট ক্লজৰ সৈতে এককালীন পৰিমাপ হিচাপে ভূমি নীতি, ২০১৯ ত উপযুক্ত পৰিৱৰ্তন আনিছে।



সমৰ্থনকাৰী নথিপত্ৰ:

১) বংশগত ভূমিৰ প্ৰমাণ

২) টৌজী বাহিৰা ৰচিদ (যদি আছে)/বেদখলী জৰিমনা পৰিশোধ ৰচিদ (যদি আছে)।

৩) গাওঁ প্ৰধান ব্যৱস্থাৰ প্ৰতিবেদন নথকা অঞ্চলৰ বাবে গাঁও প্ৰধান/গাঁও প্ৰধান সচিব ৰ প্ৰমাণ পত্ৰ আৰু নগৰ অঞ্চলৰ বাবে, কাৰ্যবাহী বিষয়াৰ প্ৰমাণ পত্ৰ প্ৰয়োজন। (যদি- NOK দ্বাৰা প্ৰয়োগ কৰা হয়)

নিৰ্ধাৰিত সময়সীমা : ৫ আগষ্ট, ২০২৩

মাচুল:

১) ব্যৱহাৰকাৰী মূল্য- ৫০ টকা

২) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা

 ৩) ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা

৪) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা