indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

খিলঞ্জীয়া বিশেষ খেতিয়কৰ বাবে ভূমি বসতি

নিৰ্দেশাৱলী:
১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব। 

যোগ্যতাৰ মাপকাঠী:
এই সেৱাৰ অধীনত , ক্ষুদ্ৰ চাহ খেতিয়ক/ অন্যান্য বিশেষ খেতিয়ক, যেনে - ৰবৰ, কফি খেতিয়কক চৰকাৰী বসতি স্থাপন কৰা। ভূমি নীতি ২০১৯ অনুসৰি বিশেষ খেতি কৰা ক্ষুদ্ৰ খেতিয়ক সকলক ৩০ বিঘা ভূমি প্ৰদান কৰা হ’ব আৰু অতিৰিক্ত মাটিৰ বসতিৰ ক্ষেত্ৰত অধিহাৰ বাস্তৱায়িত হোৱাৰ পিছত সৰ্বমুঠ ৭৫ বিঘাতকৈ অধিক হোৱা অনুচিত।

নিম্নলিখিত মাপকাঠীসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব:
১) দৰিদ্ৰ সীমাৰেখাৰ তলৰ খিলঞ্জীয়া যুৱক-যুৱতী।
২) অন্যান্য খিলঞ্জীয়া শিক্ষিত নিবনুৱা যুৱক।
৩) ইয়াৰ উপৰিও এনেধৰণৰ বিশেষ খেতিৰ ক্ষুদ্ৰ খেতিয়কসকলে ভাৰতীয় চাহ/ৰবৰ ব’ৰ্ড/ভাৰতীয় কফি ব’ৰ্ড/চাহ সঞ্চালক,অসমৰ অধীনত পঞ্জীয়ন কৰিব লাগিব।

সমৰ্থনকাৰী নথিপত্ৰ:

১) কৃষি পঞ্জীয়ন কাৰ্ড/ নিৰ্দিষ্ট ৰাজ্য বা কেন্দ্ৰীয় ব’ৰ্ডৰ পৰা অনুজ্ঞাপত্ৰ।

২) টৌজী বাহিৰা ৰচিদ (যদি আছে)/বেদখলী জৰিমনা পৰিশোধ ৰচিদ (যদি আছে)।


নিৰ্ধাৰিত সময়সীমা : ৫ আগষ্ট, ২০২৩

মাচুল:

১) ব্যৱহাৰকাৰী মূল্য- ৫০ টকা

২) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা

 ৩) ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা

৪) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা