আপোনাৰ সেৱাৰ বিষয়ে জানক
দখলস্বত্ব নথকা পট্টাদাৰৰ নাম পট্টাৰ পৰা কৰ্ত্তন
- তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
- আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
যোগ্যতাৰ মাপকাঠী:
- পট্টাৰ পৰা নাম কৰ্তনৰ আবেদন কেৱল অনুসূচিত মাটিৰ ওপৰত দখল থকা, পঞ্জীকৃত পাট্টাদাৰৰ দ্বাৰা হে কৰিব পাৰি।
- অনুসূচিত ভূমিৰ বাবে মালিকীস্বত্ব/দখল সন্দৰ্ভত কোনো ধৰণৰ বিবাদ হ’ব নালাগে।
সহায়ক নথি পত্ৰ :
- প্ৰস্তাৱিত ভূমিৰ জমাবন্দীৰ প্ৰতিলিপি
- আবেদনকাৰীৰ পৰিচয় প্ৰমাণ পত্ৰ
নির্ধাৰিত সময়সীমা : ৭ কৰ্মদিন
মাচুল :
- ব্যৱহাৰকাৰীৰ বাবে মূল্য বিনামূলীয়া
- সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
- ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
- স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা
- সুবিধাৰ মাচুল - ১০ টকা